உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • GMC Election 2022: হেট্ৰিক মৃগেন শৰণীয়াৰ, আকৌ হ'ব নেকি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, শৰণীয়াই কি কয় এই দিশত?

    GMC Election 2022: হেট্ৰিক মৃগেন শৰণীয়াৰ, আকৌ হ'ব নেকি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, শৰণীয়াই কি কয় এই দিশত?

    ২৮ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণাৰ সম্ভাৱনা ৷

    ২৮ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণাৰ সম্ভাৱনা ৷

    ২৮ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণাৰ সম্ভাৱনা ৷

    • Share this:
    গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত তিনিবাৰকৈ জয় লাভ ২৯ নম্বৰ ৱাৰ্ডৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী মৃগেন শৰণীয়াৰ ৷ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত প্ৰাৰ্থীগৰাকী ২০০৩,  ২০১৩ চনত জয় লাভ কৰিছিল ৷ আৰু তাৰ পিছত ২০২২ ৷ শেহতীয়া নিগম নিৰ্বাচনত অৱতীৰ্ণ হৈ পুনৰবাৰ জয়লাভ মৃগেন শৰণীয়াৰ ৷

    অৰ্থাৎ ২০২২ চনৰ নিগম নিৰ্বাচনত (GMC Election) জয়ৰ লগে লগে মৃগেন শৰণীয়া জয়লাভৰ ক্ষেত্ৰত হেট্ৰিক কৰিলে ৷ উল্লেখ্য যে মৃগেন শৰণীয়াই  প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক বিপুল ভোটত পৰাভূত কৰি জয় নিশ্চিত কৰিবলৈ সক্ষম হয় (Mrigen Sarania Win) ৷

    এনে পৰিপ্ৰেক্ষিতত প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই পুনৰ হ'ব নেকি নিগমৰ মেয়ৰ ৷ তাক লৈ বিজেপি মিত্ৰজোঁটৰ জয়ৰ পাছত চলিছে ব্যাপক চৰ্চা ৷ পূৰ্বৰ অভিজ্ঞতা থকা মেয়ৰগৰাকীক সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কয় যে দলে যি দাযিত্ব দিছে, সেয়া নিষ্ঠাসহকাৰে গ্ৰহণ কৰিম ৷ ক্ষমতাৰ প্ৰতি লালয়িত নহওঁ ৷

    ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পিছতে ঘোষণা হ'ব মেয়ৰৰ নাম ৷ প্ৰশ্ন হৈছে ৰাজ্যিক বিজেপিৰ বাছনিত এতিয়া কোন হ'ব নতুন মেয়ৰ?
    Published by:Gautam Barman
    First published: