সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰি নিৰৱে কৃষি কৰ্ম তথা পশুপালনত ব্যস্ত হৈ পৰিছে একালৰ এজন দুৰ্ধৰ্ষ মাওবাদী নেতা। কেইবছৰমান পূৰ্বে তেওঁ আছিল এজন দুৰ্ধৰ্ষ মাওবাদী নেতা। আদৰ্শগত ভাৱে অনুপ্ৰাণিত হৈ ২০০৭ চনত মাওবাদী সংগঠনত যোগদান কৰিছিল লোকজনে। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মাওবাদৰ মূল নেতৃত্ব বহন কৰি অহা ব্যক্তিজন এতিয়া ব্যস্ত কৃষিকৰ্ম তথা পশুপালনত।
এসময়ত আৰক্ষীৰ নিদ্ৰাহৰণ কৰা মাওবাদী নেতা ডিব্ৰুগড় জিলাৰ টিংখাং ১ নং কেচেৰুগুৰি গাঁৱৰ আদিত্য বৰা আজি নৱ প্ৰজন্মৰ আদৰ্শ। আদিত্য বৰাই নিজৰ ১২ বিঘা মাটিত চাহ খেতিৰ লগতে পশুপালন আৰু মীন পালন কৰি স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনক স্বাৱলম্বিতাৰ বাট দেখুৱাইছে।
২০১৬ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত ঘৰলৈ ঘূৰি আহি বৰাই নিজা প্ৰচেষ্টাত সম্পূৰ্ণ ব্যৱসায় ভিত্তিত গাহৰি, ছাগলী, কুকুৰা আৰু মীন পালন কৰে। বৰ্তমান তেওঁ য়'কছাই , হেমছাই , লেনৰেচ , ডিওৰক আদি উন্নত মানৰ প্ৰজাতিৰ গাহৰি পালন কৰিছে। বিশেষকৈ গাহৰিৰ পোৱালি উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা বৰাই একোটা পোৱালীত ৫০০০ টকাকৈ বিক্ৰী কৰি আহিছে । এনেদৰে গাহৰি ব্যৱসায়ৰ পৰা তেওঁ বছৰি ১০ লাখ পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
আনহাতে তেওঁ স্থানীয় প্ৰজাতিৰ কুকুৰা , ক'লা কুকুৰা ( কৰ্কনাথ ) তাৰ্কি আদি ব্যৱসায় ভিত্তিত পালন কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ তেওঁ বিজ্ঞানসন্মত ভাৱে মীনপালনৰ ব্যৱস্থাও কৰিছে। নিজৰ ঘৰৰ চৌহদত প্ৰায় ৪ বিঘা আয়তনৰ পুখুৰীত তেওঁ মীনপালন কৰি কৃতকাৰ্যতা লাভ কৰিছে ।কৃষি-কৰ্ম আৰু পশুপালনৰ জৰিয়তেহে গ্ৰাম্য অৰ্থনীতি সৱল হোৱাৰ পোষকতা কৰা বৰাই অঞ্চলটোৰ বহুতো নিবনুৱা যুৱক যুৱতীকো পশুপালনৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|