মুখ্যপৃষ্ঠা »খবৰ »অসম »Rhino Horn Counting : পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৫০০ গঁড়ৰ খড়্গ হৰলুকিৰ অভিসন্ধি চলিছিল, অভিযোগ দিলীপ নাথৰ

Rhino Horn Counting : পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৫০০ গঁড়ৰ খড়্গ হৰলুকিৰ অভিসন্ধি চলিছিল, অভিযোগ দিলীপ নাথৰ

২০১০ চনত চৰকাৰৰ হাতত মজুত থকা গঁড়ৰ খড়্গসমুহ নষ্ট কৰাৰ অচিলাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বনমন্ত্ৰী ৰকিবুল হুছেইনৰ দিনত ৫০০ গড়ঁৰ খৰ্গ হৰলুকি কৰাৰ অভিসন্ধি চলিছিল বুলি সন্দেহ প্ৰকাশ কৰে দিলীপ নাথে ৷

  • Share this:
ৰাজ্যত মজুত থকা গঁড়ৰ খড়্গসমুহ অচিৰেই নষ্ট কৰি পেলাব ৰাজ্য চৰকাৰে ৷ তাৰবাবে ৰাজ্যত মজুত থকা গঁড়ৰ খড়্গসমুহৰ গণনা আৰু পৰীক্ষা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ৷
ইতিমধ্যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে বিভিন্ন জিলাৰ কোষাগাৰ সমুহত মজুত থকা গঁড়ৰ খড়্গসমুহৰ গণনা আৰু পৰীক্ষণৰ বাবে বৰপেটাত উপস্থিত হয় বিশেষজ্ঞ সমিতিৰ দল ৷

ৰাজ্যৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ সদস্যসকল আজি বৰপেটাত উপস্থিত হৈ বৰপেটা কোষাগাৰত জমা হৈ থকা গঁড়ৰ খড়্গসমুহ গণনা আৰু পৰীক্ষা কৰে ৷

বিশেষজ্ঞ সমিতিৰ সদস্য এগৰাকীয়ে জনোৱামতে বৰপেটাত জমা হৈ থকা ৩৯টা  খড়্গকে ধৰি ৰাজ্যত জমা হৈ আছে প্ৰায় ২৫০০ গঁড়ৰ খড়্গ ৷ ইয়াৰ পূৰ্বে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহতো ৰাজ্যখনত মজুত থকা খড়্গসমুহৰ গণনা আৰু পৰীক্ষা কৰা হৈছিল ৷ ২০১০ চনত ৰাজ্যৰ বন বিভাগে এক নিৰ্দেশনাযোগে ৰাজ্যখনত মজুত হৈ থকা ১৬০০ গঁড়ৰ খড়্গ নষ্ট কৰি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ  কৰিছিল ৷

কিন্তু ঢেকিয়াজুলিৰ দিলীপ নাথ নামৰ যুৱকজনে বন বিভাগৰ কাৰ্যত সন্দেহ প্ৰকাশ কৰি এই প্ৰক্ৰিয়া বন্ধ কৰি তাৰ বিপৰীতে ৰাজ্যত প্ৰকৃততে কিমান গঁড়ৰ খড়্গ মজুত আছে সেই সম্পৰ্কে অনুসন্ধানৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি  আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ চৰকাৰৰ হাতত মজুত থকা গঁড়ৰ খড়্গসমুহ নষ্ট কৰাৰ অচিলাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বনমন্ত্ৰী ৰকিবুল হুছেইনৰ দিনত ৫০০ গড়ঁৰ খৰ্গ হৰলুকি কৰাৰ অভিসন্ধি চলিছিল বুলি সন্দেহ প্ৰকাশ কৰে দিলীপ নাথে ৷

বন বিভাগৰ নেতৃত্বত গঁড়ৰ খড়্গসমুহ হৰলুকি কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে দিলীপ নাথৰ তৎপৰতাৰ পিচতেই ৰাজ্য চৰকাৰে ২০১৬ চনত এখন বিশেষজ্ঞ সমিতি গঠন কৰি ৰাজ্যত মজুত থকা গড়ঁৰ খৰ্গসমুহৰ প্ৰকৃত সংখ্যা আৰু খৰ্গসমুহ আচল নে নকল তাৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৷ এই গণনাৰ পিচতেই ৰাজ্যত মুঠ ২১০০ গঁড়ৰ খড়্গ মজুত থকাৰ তথ্য ওলাই পৰিছিল ৷

শেহতীয়া বাতৰি