• Home
  • »
  • News
  • »
  • assam
  • »
  • Salman Khurshid : এনকাউণ্টাৰক চৰকাৰী হত্যা আখ্যা প্ৰাক্তন বৈদেশিক মন্ত্ৰী ছলমান খুৰশ্বিদৰ, গুৱাহাটীত সংবাদ মেলত বহু কংগ্ৰেছ নেতা

Salman Khurshid : এনকাউণ্টাৰক চৰকাৰী হত্যা আখ্যা প্ৰাক্তন বৈদেশিক মন্ত্ৰী ছলমান খুৰশ্বিদৰ, গুৱাহাটীত সংবাদ মেলত বহু কংগ্ৰেছ নেতা

সংবাদ মেলত চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছলমান খুৰশ্বিদে।

সংবাদ মেলত চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছলমান খুৰশ্বিদে।

সংবাদ মেলত চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছলমান খুৰশ্বিদে।

  • Share this:
গুৱাহাটীত উপস্থিত হৈয়েই সংবাদ মেল সম্বোধন কৰে প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ সদস্য ছলমান খুৰশ্বিদে। কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য, বিশিষ্ট আইনজ্ঞ ছলমান খুৰশ্বিদৰ সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা (Bhupen Bora), বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী শৰৎ বৰকটকী উপস্থিত থাকে।

সংবাদ মেলত চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছলমান খুৰশ্বিদে। "বৰ্তমান সময়ত দেশত বহু সমস্যা আছে যদিও এই সমস্যা সমাধানত ব্যৰ্থ হোৱা চৰকাৰখনে তেনে কথা তল পেলাবলৈ হিজাব, আজান, গৰুৰ কথা কৈ অযথা সময় নষ্ট কৰে" -এই মন্তব্য ছলমান খুৰশ্বিদৰ (Congress leader Salman Khurshid)।

মূল্যবৃদ্ধিয়ে অসমৰ সৰ্বসাধাৰণ লোকক জুৰুলা কৰিছে। মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ লৈছে, ইয়াক নিয়ন্ত্ৰণ কৰক বুলিও কয় ছলমান খুৰশ্বিদে। অসমৰ এনকাউন্টাৰক (Encounter) চৰকাৰী হত্যা আখ্যা দিয়ে ছলমান খুৰশ্বিদে।
Published by:Gautam Barman
First published: