শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাক্তন ক্ৰিকেটাৰ উৎপল কলিতাৰ মৃত্যু

News18 Assam | News18-Assam
Updated:May 22, 2020, 8:53 PM IST
শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাক্তন ক্ৰিকেটাৰ উৎপল কলিতাৰ মৃত্যু
গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বলবলাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত লুটি খাই গছত খুন্দা মাৰে কলিতাৰ বাহনখনে।

গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বলবলাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত লুটি খাই গছত খুন্দা মাৰে কলিতাৰ বাহনখনে।

  • Share this:
শুকুৰবাৰে এক শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষক উৎপল কলিতাৰ মৃত্যু হয়। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে নিজ গাড়ীৰে গৈ থকা অৱস্থাতে সংঘটিত এই দুৰ্ঘটনা। গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বলবলাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত লুটি খাই গছত খুন্দা মাৰে কলিতাৰ বাহনখনে। ফলত চালকৰ আসনত থকা গোৱালপাৰা চহৰৰ বাপুজীনগৰৰ প্ৰাক্তন ক্ৰিকেটাৰ উৎপল কলিতাৰ থিতাতে মৃত্যু হয়।

উৎপল কলিতাৰ মৃত্যু হোৱাৰ উপৰি গাড়ীখনত থকা কুলেন চন্দ্ৰ দাস গুৰুতৰভাৱে আহত হয়। আহত লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। ৩৬ বছৰীয়া উৎপল কলিতাৰ মৃত্যুত গোৱালপাৰাত শোকৰ ছাঁ পৰিছে। কলিতাৰ মৃত্যুত অসম ক্ৰিকেট সন্থা আৰু প্ৰবীণ ক্ৰিকেট সংস্থাৰ শোক প্ৰকাশ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading