உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগৰ কথাটোক লৈ তেওঁৰ পিতৃৰ আত্মায়ো শান্তি নাপাব, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ ক্ষোভ

    সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগৰ কথাটোক লৈ তেওঁৰ পিতৃৰ আত্মায়ো শান্তি নাপাব, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ ক্ষোভ

    সুস্মিতা দেৱক আৰু তেওৰ মাতৃ পিতৃক কি দিয়া নাছিল কংগ্ৰেছে।

    সুস্মিতা দেৱক আৰু তেওৰ মাতৃ পিতৃক কি দিয়া নাছিল কংগ্ৰেছে।

    সুস্মিতা দেৱক আৰু তেওৰ মাতৃ পিতৃক কি দিয়া নাছিল কংগ্ৰেছে।

    • Share this:

    জাতীয় কংগ্ৰেছ ত্যাগ কৰি প্ৰাক্তন সাংসদ সুস্মিতা দেৱে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগ দিছে। নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থকা প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক সুস্মিতা দেৱে জাতীয় কংগ্ৰেছ দল ত্যাগ কৰাত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ সংখ্যালঘু নেতা, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ।


    দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰৰ বিধায়ক তথা তৰুণ গগৈ মন্ত্ৰীসভাৰ উদ্যোগ আৰু সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী ছিদ্দিক আহমেদে কয় যে সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগৰ খবৰক লৈ পিতৃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ আত্মায়ো শান্তি নাপাব। জাতীয় কংগ্ৰেছ দলে পিতৃ সন্তোষ মোহন দেৱক কেন্দ্ৰীয় মন্ত্ৰী কৰাৰ লগতে সুস্মিতা দেৱক প্ৰথমে বিধায়ক পিছলৈ সাংসদৰ লগতে নিখিল ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব আৰু মাতৃ বীথিকা দেৱক বিধায়ক বনাইছিল। সেই দলটোকে আজি সুস্মিতা দেৱে কেনেকৈ ত্যাগ কৰিব পাৰিলে সেয়াহে ভাবি পোৱা নাই ছিদ্দিক আহমেদে।


    সেয়াই নহয়, জাতীয় কংগ্ৰেছ দলৰ টিকটত এবাৰ দুবাৰ নহয়, সাতবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল সন্তোষ মোহন দেৱ। উল্লেখযোগ্য যে কংগ্ৰেছৰ টিকটত শিলচৰ লোকসভা সমষ্টিৰ পৰা পাঁচবাৰ আৰু দুবাৰ পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ ১৯৮৬ চনত ৰাজীৱ গান্ধী চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক পৰ্যটন আৰু যোগাযোগ মন্ত্ৰী আছিল। ১৯৮৮-৮৯ চনত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীৰ দায়িত্বত থকা সন্তোষ মোহন দেৱে ১৯৯১ চনত তীখা দপ্তৰৰ স্বতন্ত্ৰ মন্ত্ৰী আছিল।


    ২০০৫ চনৰ পৰা ২০০৮ চনলৈও ড০ মনমোহন সিং মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী আছিল সন্তোষ মোহন দেৱ। মৃত্যু পৰ্যন্ত কংগ্ৰেছৰ নামত বহুত ত্যাগ কৰা ৰাজা বাবু থকা হ'লে তেওঁৰ জীয়ৰীয়ে আজি এনেদৰে ক্ষমতাৰ বাবে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ নিদিলে হয় বুলি কয় ছিদ্দিক আহমেদে। কংগ্ৰেছ দলৰ পৰা আঁতৰি যোৱাত মনত বহুত কষ্ট পাইছে যদিও তেওঁৰ ভৱিষ্যত ৰাজনৈতিক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ছিদ্দিক আহমেদে।

    Published by:Gautam Barman
    First published: