உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সভাপতিত্বৰ পৰা ভূপেন বৰাৰ পদত্যাগ দাবী প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰীৰ, হিমন্তৰ পাঠশালাত শিক্ষা লোৱাৰ পৰামৰ্শ

    সভাপতিত্বৰ পৰা ভূপেন বৰাৰ পদত্যাগ দাবী প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰীৰ, হিমন্তৰ পাঠশালাত শিক্ষা লোৱাৰ পৰামৰ্শ

    গোসাঁইগাঁও সমষ্টিতে কেৱল পোনপটীয়া প্ৰতিদ্বন্দ্বিতাত আহে কংগ্ৰেছ প্ৰাৰ্থী।

    গোসাঁইগাঁও সমষ্টিতে কেৱল পোনপটীয়া প্ৰতিদ্বন্দ্বিতাত আহে কংগ্ৰেছ প্ৰাৰ্থী।

    গোসাঁইগাঁও সমষ্টিতে কেৱল পোনপটীয়া প্ৰতিদ্বন্দ্বিতাত আহে কংগ্ৰেছ প্ৰাৰ্থী।

    • Share this:

    অসম বিধানসভাৰ উপ-নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হয় কংগ্ৰেছৰ। চাৰিটা সমষ্টিতে বেয়াকৈ মুখথেকেচা খোৱা কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থীৰ আমানতৰ ধনো বাজেয়াপ্ত হয়। কংগ্ৰেছৰ এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ভূপেন বৰাৰ পদত্যাগৰ দাবী তোলে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহিবুল হকে।


     চাৰিটা সমষ্টিতে কংগ্ৰেছৰ শোচনীয় পৰাজয়। গোসাঁইগাঁও সমষ্টিতে কেৱল পোনপটীয়া প্ৰতিদ্বন্দ্বিতাত আহে কংগ্ৰেছ প্ৰাৰ্থী। তাৰ বিপৰীতে দুটা সমষ্টিত আমানতৰ ধন বাজেয়াপ্ত হৈছে কংগ্ৰেছ প্ৰাৰ্থীৰ। ৫৮নং তামুলপুৰ সমষ্টিত চতুৰ্থ স্থানত থাকিল কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহাল। কংগ্ৰেছ দলৰ এই বিপৰ্যয়ৰ দায়িত্ব মূৰ পাতি লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাৎক্ষণিকভাৱে পদত্যাগ কৰিব লাগে বুলি দাবী জনাই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী মহিবুল হকে।


    একেৰাহে তিনিটা নিৰ্বাচনত নিজে পৰাজিত হোৱা ভূপেন বৰাই আকৌ কি দল চলাব বুলি কয় মহিবুল হকে। প্ৰয়াত হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ তদানীন্তন মন্ত্ৰী মহিবুল হকে ভূপেন বৰাক কটাক্ষ কৰি কয় যে তেওঁ কলেজ ইলেকচনতো জিকিব নোৱাৰিব। বিৰোধী দলসমূহৰ নেতালৈ মহিবুল হকে দিয়ে পৰামৰ্শ। ভূপেন বৰা, গৌৰৱ গগৈ, অখিল গগৈ, মৌলানা বদৰুদ্দিন আজমল, হাগ্ৰামা মহিলাৰীক হিমন্তৰ পাঠশালাত শিক্ষা ল'বলৈ পৰামৰ্শ দিয়ে মহিবুল হকে। বিগত বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ এআইইউডিএফৰ সৈতে মিত্ৰতা হোৱাৰ প্ৰতিবাদতে কংগ্ৰেছ দল ত্যাগ কৰিছিল মহিবুল হকে।

    Published by:Gautam Barman
    First published: