মুখ্যপৃষ্ঠা »খবৰ »অসম »''AIUDFৰ বিধায়কৰ ঘৰত তালাচী কৰিলে বাংলাদেশী নোট উদ্ধাৰ হ'ব", দলটোক ব্যৱসায়িক প্ৰতিষ্ঠান আখ্যাৰে ক্ষুৰধাৰ সমালোচনা

''AIUDFৰ বিধায়কৰ ঘৰত তালাচী কৰিলে বাংলাদেশী নোট উদ্ধাৰ হ'ব", দলটোক ব্যৱসায়িক প্ৰতিষ্ঠান আখ্যাৰে ক্ষুৰধাৰ সমালোচনা

ৰাজ্যসভাৰ ভোটৰ দিনা অনুপস্থিত থাকিব AIUDF কেইবাজনো বিধায়ক : মহিবুল হক

ৰাজ্যসভাৰ ভোটৰ দিনা অনুপস্থিত থাকিব AIUDF কেইবাজনো বিধায়ক : মহিবুল হক

ৰাজ্যসভাৰ ভোটৰ দিনা অনুপস্থিত থাকিব AIUDF কেইবাজনো বিধায়ক : মহিবুল হক

  • Share this:

প্ৰসংগ ৰাজ্যসভাৰ দ্বিতীয়খন আসন। ''আগন্তুক ৰাজ্য সভাৰ দ্বিতীয়খন আসনত বিৰোধী প্ৰাৰ্থীৰ পৰাজয় হ'ব। এই পৰাজয়ৰ একমাত্র কাৰণ হ'ব AIUDF। AIUDF দলে বিৰোধীক পুনৰবাৰ মহাগাদ্দাৰী কৰিব।'' -News18ৰ সন্মুখত এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী মহিবুল হকে। মহিবুল হকৰ মতে আজমলৰ AIUDF পলিটিকেল দল নহয়, এটা ব্যৱসায়িক প্ৰতিষ্ঠান।


ৰাজ্যসভাৰ নিৰ্বাচন আহিলেই আজমলে বিধায়কক ওমৰাহ হজলৈ পঠিয়াব। বিগত বিধানসভা নিৰ্বাচনত AIUDF দল বিগ জিৰো হ'লহেঁতেন, কিন্তু কংগ্ৰেছে মিত্ৰতা কৰি দলটোক জীয়াই ৰাখিলে বুলি প্ৰকাশ কৰে মহিবুল হকে। সিমানতে ক্ষান্ত নাথাকি মহিবুল হকে News18 ক জনাই যে অচিৰেই বৰাকৰ AIUDFৰ ৩/৪ গৰাকী বিধায়কে বিজেপিত যোগ দিব।


গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন শক্তি মন্ত্ৰী মহিবুল হকে (Ex MLA Mahibul Hoque) বিস্ফোৰক মন্তব্য আগবঢ়াই কয়- ''প্ৰকৃততে AIUDF দলটো এটা বাংলাদেশী পাৰ্টী। এআইইউডিএফৰ নেতা বিধায়কৰ ঘৰ তালাচী কৰিলে বাংলাদেশী নোট উদ্ধাৰ হ'ব বুলিও কয় মহিবুল হকে। সাম্প্ৰদায়িক দল এআইইউডিএফৰ লগত মিত্ৰতা কৰাৰ বাবেই আন বহুজনৰ লগতে মহিবুল হকেও কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি নিউজ ১৮ক নেতাগৰাকীয়ে জানিবলৈ দিয়ে।


ইফালে প্ৰাক্তন মন্ত্ৰী মহিবুল হকক উভতি ধৰে এআইইউডিএফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু দলটোৰ কেন্দ্ৰীয় মুখপাত্ৰ জেহৰুল ইছলামে। ধিঙৰ বিধায়ক আমিনুল ইছলামে মহিবুল হকক পাগল আখ্যা দিছে। আনহাতে জেহৰুল ইছলামে মহিবুল হকক গুৰুত্বহীন নেতা আখ্যা দি কয় যে দৰাচলতে শেহতীয়া নিৰ্বাচনসমূহত বেয়াকৈ মুখথেকেচা খোৱাৰ বাবেই মহিবুল হকে হিতাহিত জ্ঞান হেৰুৱাই আবোল-তাবোল বকি আছে।

শেহতীয়া বাতৰি