‘CAB বিৰোধিতা কৰিলেই এতিয়া দলৰ পৰা কৰে বহিষ্কাৰ, AGP এ ছাত্ৰ সংগঠন গঠন কৰি লাভ নাই’

News18-Assam
Updated:November 22, 2019, 4:48 PM IST
‘CAB বিৰোধিতা কৰিলেই এতিয়া দলৰ পৰা কৰে বহিষ্কাৰ, AGP এ ছাত্ৰ সংগঠন গঠন কৰি লাভ নাই’
ফাইল ফটো

অসম গণ পৰিষদে ছাত্ৰ সংগঠন গঠন কৰা প্ৰসংগতো বিশেষ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে

  • Share this:
এইবাৰ অসম গণ পৰিষদৰ বিৰুদ্ধে সৰব হৈছে দলৰে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ অগপ দলৰ শেহতীয়া স্থিতিক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। সংবাদমেল সম্বোধন কৰি মহন্তই কয় যে, ‘ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্বৰে পৰা বিৰোধিতা কৰিছো। অগপ দলৰ সিদ্ধান্ত আছে এই বিধেয়কৰ বিৰোধিতা কৰাৰ, কিন্ত অগপ নেতৃত্বই কিয় কৰা নাই সেইটো ক’ব পৰা নাই।’

কেবৰ বিৰোধিতা কৰা ব্যক্তিক এতিয়া অগপ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি নিজ দলৰ নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰে প্ৰফুল্ল কুমাৰ মহন্তই। মহন্তই লগতে কয় যে, ‘অগপ দলে কেবৰ বিৰোধিতা কৰা উচিত।ক্ষমতাৰ বাবে CABৰ বিৰোধিতা নকৰাটো একেবাৰে উচিত নহয়।

অসম গণ পৰিষদে ছাত্ৰ সংগঠন গঠন কৰা প্ৰসংগতো বিশেষ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মহন্তৰ মতে, অগপই নতুন ছাত্ৰ সংগঠন গঠন কৰিলেই ৰাজনৈতিক লাভ নহয়। তাতকৈ সদৌ অসম ছাত্ৰ সন্থাক শক্তিশালী কৰাটোহে প্ৰয়োজন আছিল। বৃহস্পতিবাৰৰ ছাত্ৰ সংগঠন গঠন কৰা সভালৈ প্ৰফুল্ল কুমাৰ মহন্তক নামাতিলে অগপ নেতৃত্বই। কিন্তু নিমন্ত্ৰণ দিয়া হেতেনো মহন্তই সভালৈ নগ’লে হেতেন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি