দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী শান্তি গগৈৰ পৰলোকপ্ৰাপ্তি। আজি পুৱতিনিশা দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শান্তি গগৈয়ে।
বাৰ্ধক্যজনিত কাৰণত দিল্লীত চিকিৎসাধীন হৈ আছিল শান্তি গগৈ। শান্তি গগৈৰ ডাঙৰ পুত্ৰ অঞ্জন গগৈ বায়ুসেনাৰ এগৰাকী উচ্চপদস্ত বিষয়া হিচাপে অৱসৰ লৈছিল। দ্বিতীয় পুত্ৰ ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ, তৃতীয় পুত্ৰ নিৰ্জন গগৈ এগৰাকী সু- চিকিৎসক। তেখেতৰ দুগৰাকী কন্যাও প্ৰশাসনিক বিষয়া।
প্ৰয়াত শান্তি গগৈৰ মাতৃ পদ্মকুমাৰী গোহাঁই আছিল অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী।
উল্লেখ্য যে প্ৰয়াত শান্তি গগৈ "সেৱা" নামৰ এটি বেচৰকাৰী সামাজিক সন্থা পৰিচালনা কৰাৰ উপৰি বহু সামাজিক কামত জড়িত আছিল।
শান্তি গগৈৰ মৃত্যুৰ খবৰ অহাৰ লগে লগে সমগ্ৰ ডিব্ৰুগড়তে শোকৰ ছাঁ পৰিছে। দিল্লীৰ পৰা তেওঁৰ নশ্বৰদেহ ডিব্ৰুগড়ৰ খলিহামাৰীস্থিত বাসগৃহলৈ লৈ অনা হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|