অৱশেষত মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে সৰ্বানন্দ সোণোৱালে ৷ সোমবাৰে ৰাজ্যসভাৰ উপ–নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ প্ৰমাণপত্ৰ লোৱাৰ পিছত মঙলবাৰে বিধায়ক পদ এৰিলে সোণোৱালে।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীলৈ ই-মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অৱশ্যে সোণোৱালৰ হৈ অধিবক্তা শান্তনু ভৰালীয়ে পদত্যাগ পত্ৰ অধ্যক্ষৰ হাতত জমা দিয়ে ৷
উল্লেখ্য যে মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে ৷ এই হিচাপত পাঁচটা সমষ্টিৰ উপ–নিৰ্বাচন অনুষ্ঠিত হ'ব ৩০ অক্টোবৰত ৷ মৰিয়নি, থাউৰা, তামুলপুৰ, গোসাঁইগাঁও আৰু ভৱানীপুৰত এই উপ–নিৰ্বাচন অনুষ্ঠিত হ'ব।
মঙলবাৰে মাজুলীৰ বিধায়ক হিচাপে সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পিছত পৰৱৰ্তীকালত নিৰ্বাচন আয়োগে মাজুলী উপ–নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|