உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Jatiya Parishad: ''লুৰিণজ্যোতি গগৈ ৰাম আৰু ৰাম-লক্ষ্মণৰ সম্পৰ্ক অটুট থাকিব''- মন সলনি হ'ল নেকি চিত্তৰঞ্জন বসুমতাৰীৰ?

    Assam Jatiya Parishad: ''লুৰিণজ্যোতি গগৈ ৰাম আৰু ৰাম-লক্ষ্মণৰ সম্পৰ্ক অটুট থাকিব''- মন সলনি হ'ল নেকি চিত্তৰঞ্জন বসুমতাৰীৰ?

    বহু সময়ত সভাপতিয়ে সিদ্ধান্ত লওঁতে বিলম্ব কৰিছে বা সিদ্ধান্তত খেলিমেলি আছে বুলি উল্লেখ কৰে

    বহু সময়ত সভাপতিয়ে সিদ্ধান্ত লওঁতে বিলম্ব কৰিছে বা সিদ্ধান্তত খেলিমেলি আছে বুলি উল্লেখ কৰে

    বহু সময়ত সভাপতিয়ে সিদ্ধান্ত লওঁতে বিলম্ব কৰিছে বা সিদ্ধান্তত খেলিমেলি আছে বুলি উল্লেখ কৰে

    • Share this:
    চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদ দল ত্যাগ কৰাক লৈ চৰ্চা অব্যাহত আছে।   মাজুলীৰ উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী তথা ২০২১ৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ টিকটক ধেমাজি সমষ্টিত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বসুমতাৰীৰ পদত্যাগ দলটোৰ বাবে স্বাভাৱিকতে উদ্বেগজনক আছিল।

    শুকুৰবাৰে বসুমতাৰীয়ে অসম জাতীয় পৰিষদৰ (AJP) পৰা পদত্যাগ কৰাৰ কথা ছ'চিয়েল মিডিয়াযোগে জনোৱাৰ পিছত তেওঁক লৈ চলি থকা চৰ্চাৰ মাজতে আজি নেতাগৰাকীয়ে উল্লেখ কৰিলে এনেদৰে- ''মোৰ স্থিতিত মই অটল, দলক মোৰ কথা জনাই দিছোঁ। অৰাজনৈতিকভাৱে মই থাকিব বিচাৰোঁ, ৰাজনীতিৰ পৰা আঁতৰত থাকিব বিচাৰোঁ।
    ভৱিষ্যতে কোনো সিদ্ধান্ত ল'লে আলোচনা কৰি ল'ম। মোৰ বাবে লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi) ৰাম।''

    তেওঁ পুনৰ কয়-  ''ৰাম-লক্ষ্মণৰ সম্পৰ্ক অটুট থাকিব। আধাবাটত কোনো কাৰণত এৰি অহা নাই আৰু নেৰোঁ। মোৰ জাতীয়তাবাদী চৰিত্ৰ আছিল, আছে আৰু থাকিব। দলীয় বিশৃংখলতা কিছু আছে, সেইসমূহ আঁতৰ কৰিব লাগিব, গগৈক সেই কথা পত্ৰযোগে অৱগত কৰিছোঁ।''

    অৱশ্যে বসুমতাৰীয়ে (Chittaranjan Basumatary)বহু সময়ত সভাপতিয়ে সিদ্ধান্ত লওঁতে বিলম্ব কৰিছে, সিদ্ধান্তত খেলিমেলি আছে বুলি উল্লেখ কৰি অৰাজনৈতিকভাৱে গগৈক যিখিনি সহায় কৰিব লাগে, তেওঁ তাৰ বাবে সদায়ে থাকিব বুলি প্ৰকাশ কৰে।

    তেওঁ কয়- ''ৰাৱন বধ কৰি ৰামৰ জয় হওক, তাৰ বাবে সদায় লগত আছোঁ, কোনো দলত যোগদান কৰা সন্দৰ্ভত এতিয়া একো সিদ্ধান্ত কৰা নাই।''
    Published by:Gautam Barman
    First published: