কংগ্ৰেছে আমুৱালে! আকৌ অগপত যোগ দিব জয়নাথ শৰ্মা, অপূৰ্ব ভট্টাচাৰ্য সহ বহুজনে

এই কথা জনাইছে অসম গণ পৰিষদৰ মুখপাত্ৰ মনোজ শইকীয়াই

News18-Assam
Updated:October 10, 2019, 3:34 PM IST
কংগ্ৰেছে আমুৱালে! আকৌ অগপত যোগ দিব জয়নাথ শৰ্মা, অপূৰ্ব ভট্টাচাৰ্য সহ বহুজনে
এই কথা জনাইছে অসম গণ পৰিষদৰ মুখপাত্ৰ মনোজ শইকীয়াই
News18-Assam
Updated: October 10, 2019, 3:34 PM IST
‘তেতিয়া আছিল অগপৰ বেয়া দিন, প্ৰধান বিৰোধী দলৰ মৰ্যদাও তেতিয়া হেৰুৱাইছিল অগপই’  বেয়া দিনত অগপক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে সেই সময়ৰ ‘শক্তিশালী’  কংগ্ৰেছলৈ ঢাপলি মেলিছিল অগপ চৰকাৰৰ দিনৰ মন্ত্ৰী, জ্যেষ্ঠ নেতা ডা০ জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো, অপূৰ্ব ভট্টাচাৰ্যকে ধৰি অগপৰ বহুকেইজন আগশাৰীৰ নেতাই।

কিন্তু এতিয়া দিন সলনি হ’ল! গৈছিল মন্ত্ৰী, বিধায়ক হোৱাৰ আশাত, কিন্তু কংগ্ৰেছৰ এতিয়া যিহে দুৰৱস্থা, মন্ত্ৰী বিধায়ক হোৱাৰ আশাৰ কথা কল্পনাই কৰিব পৰা নাই আঞ্চলিকতাবাদৰ পোছাক আমবাৰীতে পেলাই থৈ  কংগ্ৰেছৰ নেতা হোৱা এইসকল আগশাৰীৰ নেতাই। ফলত আকৌ  ‘আদৰ্শ’ সলনি কৰি, জাতীয়তাবাদীৰ পোছাক যোৰ গাত মেৰিয়াই আকৌ অগপলৈ ঢাপলি মেলিব খুজিছে আটাইকেইজন প্ৰাক্তন অগপ তথা বৰ্তমান কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাই।

১৪অক্টোবৰত অভয়াপুৰীত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস।হাগ্ৰামা মহিলাৰী আৰু টংকেশ্বৰ ৰাভা হ'ব মুখ্য অতিথি।সেইদিনাই জয়নাথ শৰ্মাকে ধৰি কেইবাটাও দলৰ নেত্ৰীস্থানীয় ব্যক্তিয়ে যোগ দিব অগপত। এই কথা জনালে অগপ মুখপাত্ৰ মনোজ শইকীয়াই।
আৰু চাওক পৰৱৰ্তী বাতৰি