உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Barpetaroad Municipality: অৱশেষত গঠন হ'ল বৰপেটাৰোড পৌৰসভা, বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসৰ উপস্থিতিত শপতগ্ৰহণ

    Barpetaroad Municipality: অৱশেষত গঠন হ'ল বৰপেটাৰোড পৌৰসভা, বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসৰ উপস্থিতিত শপতগ্ৰহণ

     ৰাজেশ সৰকাৰে বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি হিচাপে শপতবাক্য পাঠ কৰে

    ৰাজেশ সৰকাৰে বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি হিচাপে শপতবাক্য পাঠ কৰে

    ৰাজেশ সৰকাৰে বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি হিচাপে শপতবাক্য পাঠ কৰে

    • Share this:
    দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত অৱশেষত গঠন হ'ল বৰপেটাৰোড পৌৰসভা ৷ মঙলবাৰে ৰাজেশ সৰকাৰে (ৰাজা) বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি হিচাপে শপত বাক্য পাঠ কৰি আনুষ্ঠানিকভাৱে পৌৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷ বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসৰ উপস্থিতিত অস্থায়ী সভাপতি পাৰুল মণ্ডলে নৱনিৰ্বাচিতসকলক গোপনীয়তা আৰু শপতবাক্য পাঠ কৰায় ৷

    দহটা ৱাৰ্ডৰে গঠিত বৰপেটাৰোড পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টীয়ে (Bharatiya Janata Party) জয়লাভ কৰিছিল ৷ ফলাফল ঘোষণাৰ পাছত চেয়াৰমেন কেন্দ্ৰিক সংঘাতৰ ফলত গঠন হোৱা নাছিল বৰপেটাৰোড পৌৰসভাৰ পৌৰবোৰ্ড৷

    উল্লেখ্য যে চেয়াৰমেন পদৰ প্ৰবল দাবীদাৰ আছিল ৪ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ তথা প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ সাহা, ৭ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰাজেশ সৰকাৰ (ৰাজা) আৰু ৯ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ সুৰেশ চৌধাৰী ৷ কিন্তু অৱশেষত ৰাজেশ সৰকাৰ ওৰফে ৰাজা সৰকাৰে চেয়াৰমেন পদত অধিষ্ঠিত হ'বলৈ সক্ষম হয় ৷

    বৰপেটাৰোড পৌৰসভাৰ (Barpetaroad Municipality) ১ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ সুৰথি সাহাই উপ–পৌৰপতি হিচাপে শপতবাক্য পাঠ কৰি উপ পৌৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷ আজিৰ শপত গ্ৰহণ অনুষ্ঠানত ৰিংকু পোদ্দাৰ, সবিতা দেবনাথ ,প্ৰীতি ধিৰাচাৰীয়া ,গীতুমণি দাস , বনজিৎ বৰ্মন আৰু পাৰুল মণ্ডলে শপত গ্ৰহণ কৰে ৷

    শপত গ্ৰহণ অনুষ্ঠানত বৰপেটাৰোড নগৰ মণ্ডল বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি হিৰণময় গায়নকে ধৰি বিজেপিৰ কেইবাজনো নেতা কৰ্মী  উপস্থিত থাকে ৷ পৌৰপতিৰ আসনত অধিষ্ঠিত হৈ ৰাজেশ সৰকাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ বৰপেটাৰোডৰ ৰাস্তাৰ কাম নব্বৈ শতাংশ ইতিমধ্যে হৈ আছে বাকী দহ শতাংশ তেওঁৰ দিনত সম্পূৰ্ণ কৰিব বুলি কোৱাৰ লগতে কৃত্ৰিম বান সমস্যা আদি নিৰ্মূল কৰাৰ বাবে চেষ্টা কৰিব বুলি উল্লেখ কৰে।
    Published by:Gautam Barman
    First published: