কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ নিৰাপত্তাত নিয়োজিত বনকৰ্মী নামিল গঁড়ৰ খৰ্গৰ চোৰাং বেহাত ৷ শুকুৰবাৰে গঁড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত লিপ্ত চাৰিজন লোকক কাজিৰঙাৰ বিভিন্ন স্থানৰ পৰা বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷
পৰৱৰ্তী অনুসন্ধানত গঁড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত জড়িত দুজন অস্থায়ী বনকৰ্মীক উদ্যান কৰ্তৃপক্ষই আটক কৰি সোধা পোচাৰ কৰাৰ পাছত বন বিভাগে গ্ৰেপ্তাৰ কৰে বনকৰ্মী দুজনক৷ বিভাগীয় সূত্ৰ মতে, কহঁৰা বনাঞ্চলৰ বকপৰা বন শিবিৰ এলেকাত নিয়মীয়া তহল দি থকাৰ সময়ত এটা গঁড়ৰ খৰ্গ পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল অশোক ভূঞা আৰু হাবিবুৰ ৰহমান নামৰ নামৰ দুজন অস্থায়ী বনকৰ্মীয়ে ৷
আৰু পিছত উদ্ধাৰ কৰা গঁড়ৰ খৰ্গটো উদ্যান কৰ্তৃপক্ষক জমা নিদি বিক্ৰী কৰিছিল ৰামেশ্বৰ চিংনাৰ নামৰ এটা ব্যৱসায়ীক ৷ এতিয়া সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে ৷
(কাজিৰঙাৰ পৰা বিতোপন বৰাৰ ৰিপৰ্ট)
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|