• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaziranga : বিভাগীয় নাও বিচাৰি লুইতৰ পানীত নামোতেই নৈৰ সোঁতে উটুৱাই নিলে বনকৰ্মীক, কাজিৰঙাত কৰুণ ঘটনা

Kaziranga : বিভাগীয় নাও বিচাৰি লুইতৰ পানীত নামোতেই নৈৰ সোঁতে উটুৱাই নিলে বনকৰ্মীক, কাজিৰঙাত কৰুণ ঘটনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অস্থায়ী বনকৰ্মী হিচাপে নিয়োজিত হৈ আছিল লোকজন।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অস্থায়ী বনকৰ্মী হিচাপে নিয়োজিত হৈ আছিল লোকজন।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অস্থায়ী বনকৰ্মী হিচাপে নিয়োজিত হৈ আছিল লোকজন।

  • Share this:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰুণ ঘটনা। উদ্যানখনৰ সমীপৰে বৈ যোৱা ব্ৰহ্মপুত্ৰত ডুব গ'ল এজন বনকৰ্মী। ব্ৰহ্মপুত্ৰত পৰি মৃত্যুবৰণ কৰা বনকৰ্মীজনৰ নাম মফী আলী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত কুকৰাকটা পাহাৰৰ সমীপৰ বানেশ্বৰ বন শিবিৰৰ সমীপতে বুধবাৰে বিয়লি সংঘটিত হয় এই অঘটন।

বানেশ্বৰৰ বন শিবিৰত অস্থায়ী বনকৰ্মী হিচাপে কৰ্মৰত আছিল মৃত মফী আলী। লুইতৰ বুকুত নিখোজ হোৱা এখন বিভাগীয় নাও বিচাৰি লুইতৰ পানীত নামোতেই সংঘটিত হয় এই অঘটনটো।

মৃত মফী আলিৰ ঘৰ জখলাবন্ধাৰ বৰ-দলঙত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অস্থায়ী বনকৰ্মী হিচাপে নিয়োজিত হৈ আছিল লোকজন। বন বিভাগৰ লোকৰ উপস্থিতিত  জখলাবন্ধা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি