ৰাজ্য জোকাৰি যোৱা ধুবুৰীৰ শিল ছিণ্ডিগেটত সাঙোৰ খাই পৰা ডিএছপি গ্ৰেপ্তাৰৰ পিছত বন বিভাগৰ নিজস্ব তদন্তত নিলম্বিত হ'ল ছাগলীয়াৰ বন বিষয়া দীপক চক্ৰৱৰ্তী ৷ ২৮ মে'ত ছাগলীয়াৰ পৰা ধুবুৰী আৰক্ষীয়ে ১২২খন শিলভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছত পোহৰলৈ আহিল সীমান্তৰ শিলৰ ছিণ্ডিকেট কাহিনী ৷
অসম বংগ সীমান্তৰ পৰা সোণাহাট আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ চলি থকা শিলৰ ছিণ্ডিকেটৰ সৈতে গ্ৰেপ্তাৰ হোৱা ডিএছপি যতীন দাসৰ আছিল পুৰণি সম্পৰ্ক ৷ আৰক্ষী বিষয়াজনৰ গ্ৰেপ্তাৰৰ পিছতে তোলপাৰ লাগে ৰাজ্যত ৷ ইয়াৰ পিছতে বন বিভাগে আৰম্ভ কৰিলে নিজাববীয়া তদন্ত ৷ বন বিভাগে প্ৰাথমিক তদন্তত তাৎক্ষণিকভাৱে নিলম্বন কৰিলে ছাগলীয়া বন বিভাগৰ বিষয়া দীপক চক্ৰৱৰ্তীক ৷
অভিযোগ অনুসৰি, সীমান্তৰ শিল ছিণ্ডিকেটত বিশেষভাৱে ইন্ধন যোগাইছিল বন বিষয়া চক্ৰৱৰ্তীয়ে ৷ বিশেষকৈ চৰকাৰী ৰাজহৰ ধনেৰে গধুৰ কৰিছিল নিজৰ জেপ ৷ ছাগলীয়াত বন বিভাগে তেৰটাকৈ শিল ডিপোৰ অনুমতি দি ডাম্পিঙৰ ব্যৱস্থা কৰি দিছিল ৷ কিন্তু দীৰ্ঘদিনে এই ডাম্পিং ডিপোসমূহৰ হোৱা নাই অনুঞ্জাপত্ৰৰ নবীকৰণ ৷ আৰু এনেদৰেই ছাগলীয়া হৈ আগমনি হালাকুৰা আৰু গোলকগঞ্জ মাজেৰে শিলৰ অভাৰলোড ট্ৰাক উপস্হিত হৈছিল সীমান্তত ৷
সোণাহাট আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে শিলৰ বৃহৎ ছিণ্ডিকেটৰ যোগেদি ট্ৰাক গৈছে বাংলাদেশলৈ৷ কিন্তু কেৱল ডি এছ পিক গ্ৰেপ্তাৰ কৰিলেই উৎখাত হ'বনে শিলৰ ছিণ্ডিকেট? তদন্তত সাঙোৰ খাই পৰিব নেকি আন আন বিভাগ আৰু বিভাগৰ বিষয়া কৰ্মচাৰীৰ নাম ?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|