চিৰিয়াখানা পৰ্যবেক্ষণ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
চিৰিয়াখানা পৰ্যবেক্ষণ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাত স্থান লাভৰ পিছত প্ৰথমবাৰলৈ গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত পৰিদৰ্শন কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কোভিডৰ এই মহামাৰীৰ সময়ত শুকুৰবাৰে চিৰিয়াখানালৈ গৈ বনকৰ্মীৰ খবৰ লোৱাৰ লগতে জীৱ-জন্তুক প্ৰদান কৰা আন্যান্য সা-সুবিধাৰো বুজ লয় বনমন্ত্ৰীগৰাকীয়ে।
বনমন্ত্ৰীৰ আগমনৰ দিনাই ৰাজ্যিক চিৰিয়াখানাত জন্ম হ'ল দুটাকৈ ব্লেক পেন্থাৰ। সমগ্ৰ চিৰিয়াখানা প্ৰকল্প খোজকাঢ়িয়েই পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰে জিৰাফ, গঁড়, বাঘ, সিংহ, পহু, কেংগেৰু, ঘোঙৰ লগতে আন বহু জীৱ-জন্তু চৰাই চিৰিকতি।
ইয়াৰ মাজতে ৰিলায়েন্সক দুটা ব্লেক পেন্থাৰ দিয়াৰ বিনিময়ত গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাই তেওঁলোকৰ পৰা চাৰিটা জেব্ৰা পাব বুলিও News18ক জনাই মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, কোভিড পৰিস্থিতি শাম কাটিলেই ইজৰাইলৰ পৰা গুৱাহাটীৰ চিৰিয়াখানালৈ আহিব জেব্ৰা চাৰিটা।
ইফালে কোভিড পৰিস্থিতিত চিৰিয়াখানাৰ বনকৰ্মীসকলক পৰ্য্যায় ক্ৰমে টেষ্ট কৰে চিৰিয়াখানা কতৃপক্ষই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|