পদ্ম হাজৰিকাৰ সাফল্যত গা জ্বলিছে নেকি পৰিমল শুক্লবৈদ্যৰ? বন বিভাগক কোনেও প্ৰশংসা নকৰাৰ অভিযোগ

News18-Assam
Updated:November 13, 2019, 10:57 AM IST
পদ্ম হাজৰিকাৰ সাফল্যত গা জ্বলিছে নেকি পৰিমল শুক্লবৈদ্যৰ? বন বিভাগক কোনেও প্ৰশংসা নকৰাৰ অভিযোগ
বন মন্ত্ৰীগৰাকীয়ে কয় যে এনেকুৱা ধৰণৰ কামত যদি কোনো অভিজ্ঞ মানুহ থাকে, তেন্তে তেওঁৰ সহায় লোৱা হয়।

বন মন্ত্ৰীগৰাকীয়ে কয় যে এনেকুৱা ধৰণৰ কামত যদি কোনো অভিজ্ঞ মানুহ থাকে, তেন্তে তেওঁৰ সহায় লোৱা হয়।

  • News18 Assam
  • Last Updated: November 13, 2019, 10:57 AM IST
  • Share this:
দুধনৈত ‘কৃষ্ণ’ নামৰ হাতীটোক পদ্ম হাজৰিকাৰ নেতৃত্বত অহা দলে বশ কৰাৰ পিছতে বহু লোকে প্ৰশংসা কৰিছে চতিয়াৰ বিধায়কজনক। বন বিভাগে কৰিব নোৱাৰে কাম মাত্ৰ আধা ঘণ্টাতে কৰি দেখুৱাইছিল পদ্ম হাজৰিকাই। যাৰ ফলত চাৰিওফালে প্ৰশংসিত হৈছিল বিধায়ক পদ্ম হাজৰিকা। ইয়াৰ মাজতে আজি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আয়োজন কৰে এক সংবাদমেলৰ।

সংবাদমেলত পৰিমল শুক্লবৈদ্যই কয় – এই সাফল্য কেৱল পদ্ম হাজৰিকাৰ নহয়, বন বিভাগ, ৰাইজৰ লগতে সংবাদ মাধ্যমো সাফল্যৰ অধিকাৰী। ৫জনকৈ লোকক হত্যা কৰাৰ পিছত আৰু যাতে কোনো লোকক হত্যা কৰিব নোৱাৰে তাৰ বাবে ৰাইজে যিখিনি চেষ্টা কৰিছে তাৰ বাবে তেওঁলোকো কৃতিত্বৰ অধিকাৰী।

বন মন্ত্ৰীগৰাকীয়ে কয় যে এনেকুৱা ধৰণৰ কামত যদি কোনো অভিজ্ঞ মানুহ থাকে, তেন্তে তেওঁৰ সহায় লোৱা হয়। পদ্ম হাজৰিকাকো আমি সহায় কৰিবৰ বাবে মাতি আনিছো।

আনহাতে, ‘লাডেন’ নামৰ হাতীটোৰ যোৱা বছৰেই মৃত্যু হোৱা বুলি উল্লেখ কৰে শুক্লবৈদ্যই। পদ্ম হাজৰিকাই ট্ৰেংকুলাইজ কৰা হাতীটো লাডেন নহয়, আন এটা হাতীহে বুলি কয় মন্ত্ৰীগৰাকীয়ে। পদ্ম হাজৰিকাই ট্ৰেংকুলাইজ কৰা হাতীটোৱে অৱশ্যে শেহতীয়াকৈ পাঁচজন মানুহক মাৰিছে যে সেয়া সত্য বুলি ক’লে বন মন্ত্ৰী শুক্লবৈদ্যই।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি