• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaliabor: ''কংগ্ৰেছে অকল কংগ্ৰেছী মানুহকহে আঁচনিৰ সুবিধা দিছিল...'' মোদী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি অনুষ্ঠানত কলিয়াবৰত ক'লে বনমন্ত্ৰী পাটোৱাৰীয়ে

Kaliabor: ''কংগ্ৰেছে অকল কংগ্ৰেছী মানুহকহে আঁচনিৰ সুবিধা দিছিল...'' মোদী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি অনুষ্ঠানত কলিয়াবৰত ক'লে বনমন্ত্ৰী পাটোৱাৰীয়ে

কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিষয়াক লগত লৈ কলিয়াবৰৰ শান্তিপুৰস্থিত কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে

কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিষয়াক লগত লৈ কলিয়াবৰৰ শান্তিপুৰস্থিত কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে

কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিষয়াক লগত লৈ কলিয়াবৰৰ শান্তিপুৰস্থিত কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে

  • Share this:
বনমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে কলিয়াবৰত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। তেজপুৰত অনুষ্ঠিত উপায়ুক্ত সন্মিলনৰ পাছত কলিয়াবৰত উপস্থিত হয় মন্ত্ৰী পাটোৱাৰী।

কলিয়াবৰৰ মিছা আঞ্চলিক মিলন সংঘত কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি (8th anniversary celebrations of the Modi government) উপলক্ষে কলিয়াবৰ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত সেৱা, সু-শাসন আৰু গৰীৱ কল্যাণ পৰ্ব তথা হিতাধিকাৰী সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশৰ দৰিদ্ৰ লোকৰ উন্নতি হকে ৰূপায়ণ কৰা হিতাধিকাৰী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে পি এম কিষাণ নিধি, ফচল বীমা যোজনা, অটল অমৃত যোজনা, আয়ুস্মান ভাৰত, পি এম এ ৱাই গৃহ, অৰণোদয় আঁচনিকে ধৰি চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে (Minister Chandramohan Patowary)।

শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে চাহ বাগিচা চিকিৎসালয়সমূহৰ দায়িত্ব লোৱাৰ সমান্তৰালকৈ চিকিৎসালয়ত প্ৰয়োজনীয় ঔষধৰ দায়িত্ব ৰাজ্য চৰকাৰে ল'ব বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

আনহাতে, কংগ্ৰেছ দলক সমালোচনা কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়- ''কংগ্ৰেছে অকল কংগ্ৰেছী মানুহকহে আঁচনিৰ সুবিধা দিছিল। কংগ্ৰেছৰ দৰে নীচ কাম নকৰে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ দিনত দুখীয়া ৰাইজৰ হিতৰ বাবে সকলো ফ্ৰী কৰি দিছে বিজেপি চৰকাৰে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত এয়াই পাৰ্থক্য বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, স্বচ্ছ ভাৰত অভিযানত শৌচাগাৰ, বিনামূলীয়া চাউল, দাৰিদ্ৰ্য সীমাৰেখা তলৰ লোকক বিনামূলীয়া বিদ্যুৎ সেৱা, বৃদ্ধ-পেঞ্চন, অৰুণোদয়,  শিক্ষা, চিকিৎসা আদি সকলো বিনামূলীয়াকৈ চৰকাৰে দিছে বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

ইয়াৰ লগতে কলিয়াবৰৰ মিছা আঞ্চলিক মিলন সংঘত অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি অনুষ্ঠানৰ পিছত কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিষয়াক লগত লৈ কলিয়াবৰৰ শান্তিপুৰস্থিত কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে ক্ৰমে লাঙিগাঁও আৰু নিজ-চিলাবন্ধা গাঁৱৰ সুলভ মূল্যৰ দোকান দুখন। দিনজোৰা কাৰ্যসূচীৰ অন্তত কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰে এক পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
Published by:Gautam Barman
First published: