বাঘৰ নহয়, অজগৰৰ নেজেৰে কাণ খজুৱাইছে শোণিতপুৰৰ বনকৰ্মীয়ে! কিয় চাওক এই প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:December 2, 2019, 2:15 PM IST
বাঘৰ নহয়, অজগৰৰ নেজেৰে কাণ খজুৱাইছে শোণিতপুৰৰ বনকৰ্মীয়ে! কিয় চাওক এই প্ৰতিবেদন
বনকৰ্মীজনৰ আজৱ কাণ্ডক লৈ চৌদিশে চৰ্চা।

বনকৰ্মীজনৰ আজৱ কাণ্ডক লৈ চৌদিশে চৰ্চা।

  • Share this:
এডাল প্ৰকাণ্ড অজগৰ সাপকলৈ এজন ব্যক্তিৰ ল’ৰা–ধেমালি৷ অজগৰৰ নেজ কাণত লগোৱা এই লোক জন শোণিতপুৰৰ মিছামাৰীৰ গাভৰু বন কাৰ্যালয়ৰ বনকৰ্মী৷

কিন্তু অজগৰ সাপক ডালৰ নেজ কিয় কাণত লগাই কাণ পৰিষ্কাৰ কৰিছে তেওঁ? দৰাচলতে শোণিতপুৰ জিলাৰ মিছামাৰীত আজি এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীৰ ৫১০৪ নম্বৰত প্ৰকাণ্ড অজগৰ সাপডাল বিচৰণ কৰি থকা সেনা জোৱানসকলে প্ৰত্যক্ষ কৰে।

পাছত ঘটনাৰ সন্দৰ্ভত সেনাৰ জোৱানসকলে গাভৰু খণ্ড বিষয়া কাৰ্যালয়ত খবৰ দিয়াত বনকৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি সোনাই-ৰূপাই অভয়াৰণ্যত এৰি দিয়ে। সাপডালৰ দৈৰ্ঘ্য প্ৰায় ৭-৮ ফুট আৰু ওজন প্ৰায় ২০-২৫ কিলোগ্ৰাম ওজন হব। ইয়াৰ মাজতে, এগৰাকী বনকৰ্মীৰ আজৱ কাণ্ড চৰ্চালৈ আহিছে। গাভৰু খণ্ড বন কাৰ্যালয়ত কৰ্মৰত বনৰক্ষী গম্ভীৰ ডেকাই অজগৰৰ নেজ ডালৰে কাণ খজুৱাইছিল।

অজগৰৰ নেজৰে কাণ খজুৱালে কাণৰ বেমাৰ ভাল হয় বুলি ককা-আইতাৰ মুখত শুনিছিল আৰু সেই বিশ্বাস অনুসৰি তেনে কাৰ্য কৰা বুলি ডেকাই সদৰি কৰে।



(ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ প্ৰতিবেদন)
আৰু চাওক পৰৱৰ্তী বাতৰি