
Forest Guard Attacked: পাঁচজনীয়া চোৰাং মাছমৰীয়াৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাবে আহত হয় বনকৰ্মী মহম্মদ ইছলাম ৷
Forest Guard Attacked: পাঁচজনীয়া চোৰাং মাছমৰীয়াৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাবে আহত হয় বনকৰ্মী মহম্মদ ইছলাম ৷
লাওখোৱা অভয়াৰণ্যত সোমবাৰে নিশা পুনৰ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হ'ল এগৰাকী বন কৰ্মী। আজি সন্ধিয়া গড়াজান বজাৰৰ পৰা বজাৰ কৰি কৰ্মস্থলী চৰাইহাগী বন শিবিৰলৈ গৈ থকা অৱস্থাত ধিং শিলঘাট মথাউৰিৰ ওপৰত বনকৰ্মী মহম্মদ ইছলামক দলবদ্ধ আক্ৰমণ কৰে চোৰাং মাছমৰীয়াৰ এটা দলে। পাঁচজনীয়া চোৰাং মাছমৰীয়াৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাবে আহত হয় বন কৰ্মী মহম্মদ ইছলাম ৷
বনকৰ্মীগৰাকীৰ চিঞৰ-বাখৰ শুনি সহকৰ্মীসকলে বনকৰ্মীগৰাকীক উদ্বাৰ কৰি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ।উল্লেখ্য যে, লাওখোৱা অভয়াৰণ্যৰ বিল-খালত চোৰাংকৈ মাছ ধৰিবলৈ নিদিয়াৰ বাবেই আজি চোৰাং মাছমৰীয়াসকলে অকলশৰীয়া বনকৰ্মী জনক মথাউৰিৰ ওপৰত দলবদ্ধভাবে আক্ৰমণ কৰে। সম্প্ৰতি বন বিভাগে জুৰীয়া আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে। অভয়াৰণ্যখনত নিৰাপত্তাহীনতাত ভুগি থকা বুলি অভিযোগ তুলিছে কৰ্মৰত বনকৰ্মী সকলে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseউল্লেখ্য যে ইয়াৰ পূৰ্বেও অভয়াৰণ্যখনত চাৰিবাৰ বনকৰ্মীক এইদৰে আক্ৰমণ কৰা হৈছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে ৰহস্যজনকভাবে নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|