• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশ্বনাথত ১৬ জাই গুলীচালনা কৰি হত্যা কৰা হ'ল এটা বনৰীয়া গোনা ম'হক, কিন্তু কিয়?

বিশ্বনাথত ১৬ জাই গুলীচালনা কৰি হত্যা কৰা হ'ল এটা বনৰীয়া গোনা ম'হক, কিন্তু কিয়?

মৃত জয়ন্ত দাস আৰু শুকুৰ আলীৰ পৰিয়ালক ক্ষতিপুৰণ দিবলৈও দাবী জনাইছে স্থানীয় ৰাইজে।

মৃত জয়ন্ত দাস আৰু শুকুৰ আলীৰ পৰিয়ালক ক্ষতিপুৰণ দিবলৈও দাবী জনাইছে স্থানীয় ৰাইজে।

মৃত জয়ন্ত দাস আৰু শুকুৰ আলীৰ পৰিয়ালক ক্ষতিপুৰণ দিবলৈও দাবী জনাইছে স্থানীয় ৰাইজে।

  • Share this:
কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া গোনা ম'হে বিশ্বনাথ চাৰিআলিত দুদিনকৈ সন্ত্ৰাসৰ সৃষ্টি কৰি দুজনকৈ লোকক হত্যা কৰিছে। বিহুৰ দিনাই বিশ্বনাথ ঘাটৰ মটক গাঁৱৰ জয়ন্ত দাসক ম'হটোৱে আক্ৰমণ কৰি হত্যা কৰাৰ পিছতে উত্তেজিত ৰাইজে  বিশ্বনাথ ঘাটস্থিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ কেন্দ্ৰীয় বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে বন বিভাগৰ এখন বলেৰ' জ্বলাই দিয়াৰ উপৰি কাৰ্যালয়টোৰ কেইবাটাও অস্থায়ী গৃহত অগ্নিসংযোগ কৰে।

বন বিভাগেও চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ বাবে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ আগন্তুক দিনত বন বিভাগৰ সম্পত্তি ধ্বংস কৰা কাৰ্যৰ লগত জড়িত সকল চিনাক্ত হোৱাৰ সম্ভান প্ৰকট৷ আনহাতে, এই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি পুৱা পুনৰ বিশ্বনাথ চাৰিআলিৰ কুমলীয়াৰ চিকু চেণ্টাৰৰ সমীপত শুকুৰ আলী নামৰ এজন ব্যক্তিক আক্ৰমণ কৰি হত্যা কৰে বনৰীয়া ম’হটোয়ে।

ইফালে ম’হটোয়ে গাঁওখনত সন্ত্ৰাস চলাই মহিদুল ইছলাম, সমত্ত ভানু নামৰ এগৰাকী মহিলা আৰু বুলবুল হুছেইন নামৰ এটা ৬ বছৰীয়া শিশুক আহত কৰে। আহতসকলৰ ভিতৰত সমত্ত ভানু নামৰ মহিলগৰাকীৰ অৱস্থা সংকটজনক আৰু উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক তেজপুুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে৷

ইফালে, দুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰা বনৰীয়া গোনা মহটোক বন বিভাগৰ লোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি ১নং আদাভেটিত এখন পথাৰত ঘেৰি ধৰি গুলীয়াই হত্যা কৰে। প্ৰায় ১৬ জাঁই গুলী কৰাৰ পিছতহে ম’হটো নিহত হয়। ম’হটো নিধন হোৱাৰ পিছত বিশ্বনাথৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে যদিও পুনৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা যাতে বনৰীয়া জন্তু ওলাই আহি জনাঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে মৃত জয়ন্ত দাস আৰু শুকুৰ আলীৰ পৰিয়ালক ক্ষতিপুৰণ দিবলৈও দাবী জনাইছে স্থানীয় ৰাইজে।
Published by:Sanjay Kumar Das
First published: