মানাহ ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ত শোকাৱহ ঘটনা৷ উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জত গঁড়ৰ আক্ৰমণত নিহত হয় এগৰাকী ফৰেষ্ট বেটেলিয়ন জোৱান৷ ফৰেষ্ট বেটেলিয়ন জােৱানজনৰ নাম অনিমেশ ডেকা৷ গঁড়ৰ আক্ৰমনত নিহত অনিমেশ ডেকাৰ ঘৰ বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাত৷
তিনিমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা অনিমেশৰ মৃত্যুৰ খবৰে সমগ্ৰ বজালীতে শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, আজি পুৱাৰ ভাগত ভূঞাপাৰা ৰেঞ্জৰ টেকলাই বন শিবিৰৰ পৰা দুগৰাকী সতীৰ্থৰ সৈতে দুখন বাইকেৰে বজাৰলৈ ওলাই আহিছিল অনিমেশ ডেকাই৷ সেই সময়তে সংঘটিত হয় ভয়াৱহ ঘটনাটো৷
হাবিৰ পৰা ওলাই অহা এটা উন্মত্ত গঁড়ে হঠাৎ আক্ৰমণ কৰে অনিমেশ ডেকাই চলাই অহা বাইকখনত৷ অনিমেশ ডেকাই বাইক পেলাই দৌৰি পলাব বিচাৰিছিল যদিও উন্মত্ত গঁড়টোৰ আক্ৰমণত শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰভাৱে আঘাত পাই অনিমেশে ঠাইতে মৃত্যুক আঁকোৱালি লয়৷
মৃত অনিমেশৰ সহকৰ্মী দুজনে গুলীচালনা কৰি গঁড়টো খেদিবলৈ চেষ্টা কৰিও বিফল হয়৷ পিছত ঘটনা সন্দৰ্ভত বন বিভাগৰ উচ্চপদস্থ বিষয়াক খবৰ দিয়ে সহকৰ্মী বনকৰ্মী দুজনে৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ অনিমেশ ডেকাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷
উল্লেখ্য যে মানাহৰ এই গঁড়টোৱে বিগত সময়ছোৱাত তিনিজনতকৈ অধিক লোকক আক্ৰমণ কৰি হত্যা কৰিছে৷ ইফালে মাত্ৰ ৩ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা অনিমেশ ডেকাৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 09, 2021, 16:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|