কাজিৰঙাত ৰক্ষকেই ভক্ষক, গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ত জড়িত আৰু দুজন বনকৰ্মীক আটক

News18 Assam | News18-Assam
Updated:October 25, 2020, 8:59 AM IST
কাজিৰঙাত ৰক্ষকেই ভক্ষক, গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ত জড়িত আৰু দুজন বনকৰ্মীক আটক
একাংশ চোৰাং ব্যৱসায়ীয়ে গঁড় নিধনৰ বিপৰীতে গ্ৰহণ কৰিছে আন এক পন্থা৷

একাংশ চোৰাং ব্যৱসায়ীয়ে গঁড় নিধনৰ বিপৰীতে গ্ৰহণ কৰিছে আন এক পন্থা৷

  • Share this:
গঁড়ৰ খড়্গৰ চোৰাং বেপাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঢ়ি তুলিছে বিশাল নেটৱৰ্ক৷ লাখ লাখ টকাৰ বিনিময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত একাংশ অস্থায়ী বনকৰ্মীক হাত কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সহজে সৰকাই নিছে গঁড়ৰ খড়্গ৷ কাজিৰঙাৰ ব্যক্তিগত পৰ্যটক নিবাসৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি স্থানীয় একাংশ লোকক গঁড়ৰ খড়্গৰ অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য৷

যোৱা ছেপ্টেম্বৰ মাহত এটুকুৰা খড়্গৰ অবৈধ ব্যৱসায়ৰ আঁত ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে চলোৱা তদন্তত বহুসংখ্যক গঁড়ৰ খড়্গৰ অবৈধ ব্যৱসায় অস্থায়ী বনকৰ্মীৰ যোগেদি হোৱাৰ তথ্য লাভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

তথ্য মতে,  একাংশ চোৰাং ব্যৱসায়ীয়ে গঁড় নিধনৰ বিপৰীতে গ্ৰহণ কৰিছে আন এক পন্থা৷ ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় হাতী চোৱাচিতাৰ বাবে নিয়োজিত কিছু সংখ্যক অস্থায়ী কৰ্মীক ধনৰ বিনিময়ত নিয়োগ কৰিছে পৰি থকা গঁড়ৰ খড়্গ আহৰণত৷ উল্লেখ্য যে পাৰস্পৰিক যুঁজ বা আন কোনো কাৰণত কেতিয়াবা গঁড়ৰ খড়্গটো সৰি পৰে৷ এইদৰে পৰি যোৱা খড়্গ উদ্ধাৰ কৰি বিভাগক জমা দিয়াৰ বিপৰীতে একাংশই  খড়্গৰ চোৰাং ব্যৱসায়ীক যোগান ধৰি আহিছে৷

এইদৰে গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত অস্থায়ী বনকৰ্মীকে ধৰি ১৭জনক  আটক কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত শনিবাৰে কঁহৰা বনাঞ্চলত অস্থায়ী হাতীৰ মাউত হিচাবে কৰ্মৰত ধনমণি ৰাভা  আৰু জামছিদ আলী নামৰ দুজনক আটক কৰি গোচৰ ৰজু কৰিছে বন বিভাগে৷ বিভাগীয় সূত্ৰ মতে, খড়্গৰ বিনিময়ত আটকাধীন বনকৰ্মী দুজনে লাভ কৰিছিল ২.৪০ লাখ টকা৷ ইফালে এই বৃহৎ চক্ৰটোৰ মাষ্টাৰ মাইণ্ডৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ডি এফ অ’ ৰমেশ গগৈয়ে৷
Published by: Sanjay Kumar Das
First published: October 25, 2020, 8:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading