• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত ট্ৰেংকুলাইজ কৰি বশ হ’ল বৰপেটাৰোডত সন্ত্ৰাস সৃষ্টি কৰা ‘লকডাউন’ক, ২৪ ঘণ্টাত ৪জনকৈ লোকক আক্ৰমণ ‘লকডাউন’ৰ

অৱশেষত ট্ৰেংকুলাইজ কৰি বশ হ’ল বৰপেটাৰোডত সন্ত্ৰাস সৃষ্টি কৰা ‘লকডাউন’ক, ২৪ ঘণ্টাত ৪জনকৈ লোকক আক্ৰমণ ‘লকডাউন’ৰ

বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে ষাড় গৰুটোৱে চহৰখনৰ বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি ৪ জনকৈ লোকক আহত কৰে।

বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে ষাড় গৰুটোৱে চহৰখনৰ বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি ৪ জনকৈ লোকক আহত কৰে।

বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে ষাড় গৰুটোৱে চহৰখনৰ বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি ৪ জনকৈ লোকক আহত কৰে।

  • Share this:
অৱশেষত ট্ৰেংকুলাইজ কৰি বশ হ’ল বৰপেটাৰোডত সন্ত্ৰাস সৃষ্টি কৰা ‘লকডাউন’ক ৷ ২৪ ঘণ্টাত ৪ জনকৈ লোকক আহত কৰিলে ‘লকডাউনে’। এজনৰ অৱস্থা শোচনীয়, গুৱাহাটীৰ চিকিৎসালয় ভৰ্তি৷ কোন এই ‘লকডাউন’?

বৰপেটাৰোড চহৰত বিগত ৩ বছৰে মাজে সময়ে এটা ষাড় গৰুৱে চহৰখনৰ বিভিন্ন ঠাইত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ এনেদৰে সন্ত্ৰাস চলোৱাৰ বাবে বৰপেটাৰোডত ষাড় গৰুটোক নাম দিয়া হৈছে ‘লকডাউন’। কাৰণ ষাড় গৰুটোৱে চহৰখনৰ যি ঠাইতে যায় সেই ঠাইতেই সকলো দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলগীয়া হয় ৷

ষাঁড় গৰুটোৱে মানুহ,দুচকীয়া– চাৰিচকীয়া বাহন সকলোতে আক্ৰমণ কৰি সন্ত্ৰাস চলাই আহিছিল ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে ষাড় গৰুটোৱে চহৰখনৰ বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি ৪ জনকৈ লোকক আহত কৰে। ইয়াৰে এজনৰ অৱস্থা শোচনীয় হোৱাৰ ফলত গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।

অৱশেষত বৃহস্পতিবাৰে নিশা বৰপেটাৰোডৰ ৰে’ল ষ্টেচন চৌহদত ৬ ঘণ্টা জুৰি কঠোৰ পৰিশ্ৰমৰ ফলত পশু চিকিৎসা বিভাগ, বন বিভাগ, ৰে’ল আৰক্ষী আৰু বৰপেটাৰোডৰ আৰক্ষীৰ সহযোগত ষাড় গৰুটো ট্ৰেংকুলাইজ কৰি বৰপেটাৰ হাউলীৰ গো-শালালৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি