ৰঙিয়া মহকুমাত বন বিভাগৰ অভিযান । খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ দলে অভিযান চলাই উচ্ছেদ কৰিলে কেইবাটাও কাঠফলা মিল। লগতে জব্দ কৰে কাঠফলা মেচিনসমূহ। উত্তৰ কামৰূপৰ তুলসীবাৰী, কমলপুৰ আৰু পুঠিমাৰীৰ কেইবাঠাইতো আজিঅভিযান চলায় বন বিভাগে । অভিযানৰ সময়ছোৱাত চাৰিটাকৈ অবৈধ কাঠ কটা মিল উচ্ছেদ কৰে । বন বিভাগৰ উমান পাই অবৈধ কাঠ ফলা মিলৰ গৰাকীয়ে পলায়ন কৰে আৰু কেইবাটাও কাঠফলা মিলত অভিযান চলোৱাৰ পিছতো এজনকো লোককো আটক কৰিবলৈ সক্ষম নহল অভিযানকাৰী দলটোৱে ।
আনহাতে ৰঙিয়া নগৰত কাঠ কঢ়িয়াই থকা এখন চালানবিহীন গাড়ী জব্দ কৰে বন বিভাগৰ দলটোৱে। ব'লেৰ' পিক-আপ ভেন খনৰ নাছিল কোনো নথি পত্ৰ । বাগসাৰ দিশৰ পৰা ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত AS-01-MC-5850 নম্বৰৰ গাড়ীখন জব্দ কৰে । গাড়ীখনত আছিল লক্ষাধিক টকা মূল্যৰ মূল্যৱান কাঠ । অবৈধভাৱে কঢ়িয়াই অনা হৈছিল বহু মূল্যৱান কাঠ । কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰাৰ ফলতে বন বিভাগে জব্দ কৰে বলেৰ' পিক আপ ভানখন । শেহতীয়াভাৱে ৰঙিয়াত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|