• Home
  • »
  • News
  • »
  • assam
  • »
  • Elephant Calf Rescued: নদীত উটি অহা এমহীয়া হাতী পোৱালি উদ্ধাৰ কৰিলে বন বিভাগে

Elephant Calf Rescued: নদীত উটি অহা এমহীয়া হাতী পোৱালি উদ্ধাৰ কৰিলে বন বিভাগে

Elephant Calf Rescued: ভাৰত-ভূটান সীমান্তৰ আমটেকা ৰেঞ্জৰ অন্তৰ্গত বান্ধুগুৰিত কণমানি বনৰীয়া হাতীৰ পোৱালি এটি বন বিভাগৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

  • Share this:
চিৰাঙত নৈত উটি যোৱা এমহীয়া হাতী পোৱালি এটা উদ্ধাৰ (Elephant Calf Rescued) কৰে বন বিভাগে ৷  ভাৰত-ভূটান সীমান্তৰ আমটেকা ৰেঞ্জৰ অন্তৰ্গত বান্ধুগুৰিত কণমানি বনৰীয়া হাতীৰ পোৱালি এটি বন বিভাগৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । প্ৰায় এমহীয়া মতা হাতী পোৱালিটো দুপৰীয়াৰ ভাগত স্থানীয় ৰাইজে টাকলাই নৈৰ পানীত উটি যোৱা দেখিছিল ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বনবিভাগ লোক উপস্থিত হৈ হাতী পোৱালিটোক উদ্ধাৰ কৰি আমটেকা ৰেঞ্জ অফিচলৈ নিয়ে ৷

ইতিমধ্যে বন বিভাগ (Forest Department)ৰ ফালৰ পৰা হাতীটোক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে গাখীৰ যোগান ধৰা হৈছে । এই খবৰ লাভ কৰি চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰি উপস্থিত হৈ হাতী পোৱালিটোৰ স্বাস্থ্যৰ বুজ লয় ৷  হাতী পোৱালিটোক উন্নত চিকিৎসা তথা  প্ৰতিপালন কৰাৰ বাবে বনবিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি বন বিষয়াজনে জানিব দিছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি