• Home
  • »
  • News
  • »
  • assam
  • »
  • Joymala : জয়মালাক আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ, প্ৰধান মুখ্য বন সংৰক্ষকে ক'লে- তামিলনাডু চৰকাৰে উচিত কাম কৰা নাই

Joymala : জয়মালাক আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ, প্ৰধান মুখ্য বন সংৰক্ষকে ক'লে- তামিলনাডু চৰকাৰে উচিত কাম কৰা নাই

People for Ethical Treatment of Animal নামৰ সংগঠনটোক ক্ষমা খোজাৰ দাবী জনাইছে তামিলনাডু চৰকাৰে

People for Ethical Treatment of Animal নামৰ সংগঠনটোক ক্ষমা খোজাৰ দাবী জনাইছে তামিলনাডু চৰকাৰে

People for Ethical Treatment of Animal নামৰ সংগঠনটোক ক্ষমা খোজাৰ দাবী জনাইছে তামিলনাডু চৰকাৰে

  • Share this:
পুনৰ জয়মালাৰ প্ৰসংগ। বিধানসভাতো আহিল জয়মালা। প্ৰসংগ আহিল যদিও জয়মালাক আনিব নোৱাৰিলে অসম চৰকাৰে। উল্লেখ্য যে বহুবছৰ পূৰ্বে অসমৰ পৰা তামিলনাডুলৈ নিয়া 'জয়মালা' নামৰ হাতীটোক বৰ্বৰ অত্যাচাৰ কৰাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।

বিভিন্ন দল-সংগঠনে হাতীটোক ঘূৰাই অনাৰ বাবে দাবী জনাইছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক গুৰুত্বসহকাৰে লৈ অসম চৰকাৰৰ এটা দল তাৎক্ষণিকভাৱে তামিলনাডুলৈ প্ৰেৰণ কৰিছিল। কিন্তু দলটোৱে ইমানদিনে জয়মালাক (Joymala) দেখা কৰিবলৈ সক্ষম নহ'ল।

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে ক'লে এই কথা

এই সন্দৰ্ভত আজি বিধানসভা চৌহদত সাংবাদিকে প্ৰশ্ন কৰাত প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে কয় যে জয়মালাৰ বাবে আমি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছোঁ। ন্যায়ালয়ৰ ৰায়ৰ বাবে অপেক্ষা কৰি আছোঁ। তামিলনাডুত বৰ্তমান জয়মালা সুৰক্ষিত অৱস্থাত আছে।

তেওঁ পুনৰ কয় যে অসম চৰকাৰৰ মুখ্য সচিবে তামিলনাডু চৰকাৰৰ লগত কথা পাতিছে। তামিলনাডু চৰকাৰে অসম চৰকাৰ দলটোক জয়মালাক সাক্ষাৎ কৰিব নিদিয়াটো উচিত কাম হোৱা নাই। বৰ্তমান হাতীটো তামিলনাডু চৰকাৰৰ হাতত নাই। হাতীটো ব্যক্তিগত মালিকানাধীনত আছে বুলি তেওঁ জনায়। তেওঁ লগতে কয় যে জয়মালাক অসমলৈ আনিবৰ বাবে সমস্ত পৰিবহণ খৰচ বহন কৰিবলৈ সাজু আছে বন বিভাগ।

ইফালে আজি বিধানসভাত দিয়া তথ্য মতে, অসমৰ পৰা তামিলনাডুলৈ জয়মালাৰ হাতীটো ২০১১ চনত অসম চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ সন্মতি সাপেক্ষে প্ৰেৰণ কৰা হৈছিল। বর্তমান হাতীটো অসমলৈ ঘূৰাই অনা হোৱা নাই। হাতীটোক নির্দয় অত্যাচাৰ কৰা সম্পর্কে সংবাদ মাধ্যমযোগে বিভাগ জ্ঞাত আৰু বন বিভাগে ২০২১ চনৰ ৮ মাৰ্চত এখন পত্র তামিলনাডু চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

বর্তমান হাতীটোৰ স্বাস্থ্যৰ অৱস্থা ভাল বুলি সংবাদ মাধ্যমযোগে জানিব পৰা গৈছে বুলি সদনত কোৱা হয়। তদুপৰি অসম চৰকাৰৰ এক উচ্চস্তৰীয় প্রতিনিধিৰ দল ২ ছেপ্তেম্বৰত তামিনাডুলৈ প্ৰেৰণ কৰাৰ কথা সদনত সদৰী কৰা হয়। লক্ষ্য়ণীয় বিষয় যে অসমৰ পৰা যোৱা দলটোৱে এতিয়াও জয়মালাক ওভতাই অনাৰ কথা দূৰৈৰ পৰাও প্ৰত্যক্ষ কৰিবলৈ সক্ষম হোৱা নাই।

তামিলনাডু চৰকাৰে অসম চৰকাৰক কি চিঠি দিছিল?

ইফালে ত‍ামিলনাডু চৰকাৰে অসম চৰকাৰলৈ বিষয়টো সন্দৰ্ভত এখন বিশেষ চিঠি প্ৰেৰণ কৰিছে। চিঠিখনত চোকা ভাষাৰে তিৰস্কাৰ কৰিছে অসম চৰকাৰক। এক কথাত ‘জয়মালা’ নামৰ হাতীজনীক লৈ অসম আৰু তামিলনাডু চৰকাৰৰ মাজত সংঘাত তুংগত উঠিছে। তামিলনাডুত মাউতৰ দ্বাৰা অসমৰ হাতীক অত্যাচাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অসমত।

এই ভিডিঅ’ৰ আলম লৈ অসমৰ মুখ্য সচিবে তামিলনাডু চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। এতিয়া তামিলনাডু চৰকাৰৰ হৈ বন সচিব সুপ্ৰিয়া চাহুৱে ইয়াৰ প্ৰত্যুত্তৰ দিছে। পত্ৰখনত তেওঁ কৈছে যে বিষয়টো সন্দৰ্ভত অসমে তামিলনাডুৰে পোনপটীয়া আলোচনাত মিলিত নোহোৱাটো দুৰ্ভাগ্যজনক। তাকে নকৰি কোনো আইনপ্ৰদত্ত ক্ষমতা নোহোৱাকৈ অকৰ্তৃত্বশীলভাৱে অসম চৰকাৰৰ দল হাতী চাবলৈ চেন্নাই পাইছেহি। গোটেই ঘটনাটোৱে অনাহকত বিতৰ্কৰ সূত্ৰপাত কৰিছে বুলি তেওঁ সদৰী কৰে। অসমৰ মুখ্য সচিবে উল্লেখ কৰা ভিডিঅ’টো ডেৰ বছৰ পুৰণি। ঘটনাটোৰ পিছত মাউত বিনীল কুমাৰ আৰু কাৱাডি শিৱপ্ৰসন্থক বৰ্খাস্ত কৰা হৈছে। তাৰ পিছৰ পৰা জয়মালা নামৰ হাতীজনীক সুব্ৰমনিয়াম আৰু ৰঞ্জিত কুমাৰ নামৰ দুজন মাউতৰ তত্বাৱধানত মৰমৰে ৰখা হৈছে বুলিও পত্ৰখনত উল্লেখ কৰা হয়।

তামুলনাডু চৰকাৰে PeTAলৈও প্ৰেৰণ কৰিছে আইনী জাননী।

উল্লেখ্য যে তামিলনাডু চৰকাৰে PeTAলৈও প্ৰেৰণ কৰিছে আইনী জাননী। People for Ethical Treatment of Animal নামৰ সংগঠনটোক ক্ষমা খোজাৰ আৰু হাতী অত্যাচাৰৰ পুৰণি ভিডিঅ’ সামাজিক মাধ্যমৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে তামিলনাডু চৰকাৰৰ বন বিভাগে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি