১৫টা বেদখলকাৰী পৰিয়ালৰ ঘৰ-বাৰী জেচিবি লগাই উচ্ছেদ কৰাৰ লগতে ২৭৫ বিঘা ভূমি বেদখলমুক্ত কৰে।
১৫টা বেদখলকাৰী পৰিয়ালৰ ঘৰ-বাৰী জেচিবি লগাই উচ্ছেদ কৰাৰ লগতে ২৭৫ বিঘা ভূমি বেদখলমুক্ত কৰে।
হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী তথা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুদিন পূৰ্বে লামডিং বনাঞ্চলৰ বেদখলকাৰীক পৰ্যায়ক্ৰমে উচ্ছেদ কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছত আজি লামডিঙত দেখা গ'ল বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান।
পুৱাই আৰক্ষীৰ বৃহৎ এটা বাহিনীক লগত লৈ লংকাৰ চক্ৰ বিষয়াই তিনিহাজাৰ বিঘাৰ তাৰালাংছত থকা বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলায় উচ্ছেদ অভিযান। ১৫টা বেদখলকাৰী পৰিয়ালৰ ঘৰ-বাৰী জেচিবি লগাই উচ্ছেদ কৰাৰ লগতে ২৭৫ বিঘা ভূমি বেদখলমুক্ত কৰে। উচ্ছেদৰ সময়ত হালধি ,কুঁহিয়াৰ,আদি খেতিও প্ৰশাসনে নষ্ট কৰে।
বেদখলকাৰীক লংকা চক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা শনিবাৰে এক জাননী যোগে সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । কিন্তু জাননী দিয়াৰ পিছদিনাই উচ্ছেদ চলোৱা কাৰ্যত উচ্ছেদিতসকলে ক্ষোভ প্ৰকাশ কৰি কোভিড পৰিস্থিতিৰ সময়ত ক'লৈ যাম, ক'ত থাকিম বুলি প্ৰশাসনক কাকূতি-মিনতি কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|