গুৱাহাটীৰ ডাবল মাৰ্ডাৰক লৈ আৰক্ষীয়ে চলাই থকা ক্ষিপ্ৰ তদন্ত আৰু তথ্য-প্ৰমাণৰ অনুসন্ধানৰ সময়তে হত্যাকাণ্ড ব্যৱহৃত গাড়ীখনত ফৰেনছিক দলে বিচাৰি পাইছে তেজৰ অৱশিষ্ট। AS01JC-5795 নম্বৰৰ গাড়ীখনত এই তেজৰ অৱশিষ্টৰ সন্ধান পাইছে ফৰেনছিকৰ দলে ৷
উল্লেখ্য, এই গাড়ীখনেৰে মৃতদেহ মেঘালয়লৈ কঢ়িওৱা হৈছিল। ফৰেনচিকৰ দলে তেজৰ অৱশিষ্ট উদ্ধাৰৰ পিছতে কিছু তদন্তৰ ক্ষেত্ৰত কিছু আশাৰ সঞ্চাৰ কৰিছে যদিও এই তেজ কাৰ, তাক লৈ পৰীক্ষা কৰিবলৈ এতিয়া বাকী আছে। গাড়ীখনৰ ডিকি আৰু পিছৰ ছীটত তেজৰ অৱশিষ্ট পোৱা গৈছিল।
ইফালে, ৪ দিনৰ আৰক্ষী জিম্মাত লোৱা বন্দনা(Bandana Kalita)ক লৈ আহি তেওঁ পিতৃগৃহত অভিযান চলোৱা হয়। বন্দনাৰ লগতে তেওঁলোকৰ ঘৰত ভাড়াতীয়া ৰূপে থকা ধনটিৰ ঘৰতো অভিযান চলায়। হত্যাকাণ্ডৰ সময়ত পিন্ধা কাপোৰ বিচাৰি এই অভিযান চলোৱা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।