যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে বহু লোকক বিদেশী ঘোষণা কৰিছে। কিন্তু আপুনি জানি আচৰিত হ’ব যে এনেদৰে বিদেশী ঘোষণা কৰা বহু লোকেই নাজানে এই ৰায়দানৰ বিষয়ে। শেহতীয়াকৈ BSFত কৰ্মৰত এজন বিষয়াক বিদেশী ঘোষণা কৰাৰ তথ্য পোহৰলৈ আহিছে। গোলাঘাট জিলাৰ মেৰাপানীৰ উদয়পুৰ মিকিৰপট্টিৰ মুজিবুৰ ৰহমান নামৰ বি এছ এফৰ বিষয়াগৰাকীক বিদেশী ঘোষণা কৰিছে যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে।
মুজিবৰ বৰ্তমান পঞ্জাবত কৰ্তব্যত নিয়োজিত হৈ আছে। তাৎপৰ্যপূৰ্ণভাৱে বিদেশী ন্যায়াধীকৰণৰ এই গুৰুত্বপূৰ্ণ ৰায় সম্পৰ্কে নেজানে মুজিবুৰে। ঠিকনাৰ বিভ্ৰান্তিৰ বাবেই মুজিবৰক বিদেশী ঘোষণা কৰা হৈছে বুলি জানিবলৈ দিছে মুজিবুৰৰ অধিবক্তাই। মুজিবুৰৰ লগতে তেওঁৰ পত্নীকো বিদেশী ঘোষণা কৰা হৈছে।
উল্লেখযোগ্য যে দুয়োকে বিদেশী ঘোষণা কৰা হ’লেও তেওঁলোকৰ পিতৃ, ভাতৃ-ভগ্নী সকলো আকৌ ভাৰতীয় নাগৰিক। জানিব পৰা মতে, মুজিবুৰৰ দৰে বহু লোকক এই ব্যৱস্থাত থকা আসোঁৱাহৰ বাবে আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰা হৈছে।
আনহাতে, বৰ্তমান যোৰহাটৰ বিদেশী ন্যায়াধীকৰণতে বিচাৰ প্ৰক্ৰিয়াৰ বাবে পৰি ৰৈছে ১৯ হাজাৰতকৈয়ো অধিক গোচৰ। মুজিবুৰৰ দৰে দেশৰ নিৰাপত্তাত নিয়োজিত হৈ থকা ব্যক্তি বিদেশী ঘোষণা হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|