NRCত নাম বাদ পৰা লোকসকল ‘ৰাষ্ট্ৰবিহীন’ নহয় – ক’লে বিদেশ মন্ত্ৰণালয়ে

বিদেশ মন্ত্ৰণালয়ে মন্তব্য কৰিছে যে NRCৰ পৰা বাহিৰ হোৱা অসমৰ কোনো লোকৰ অধিকাৰত কোনোধৰণৰ প্ৰভাৱ নপৰে।

News18-Assam
Updated:September 2, 2019, 7:52 AM IST
NRCত নাম বাদ পৰা লোকসকল ‘ৰাষ্ট্ৰবিহীন’ নহয় – ক’লে বিদেশ মন্ত্ৰণালয়ে
বিদেশ মন্ত্ৰণালয়ে মন্তব্য কৰিছে যে NRCৰ পৰা বাহিৰ হোৱা অসমৰ কোনো লোকৰ অধিকাৰত কোনোধৰণৰ প্ৰভাৱ নপৰে।
News18-Assam
Updated: September 2, 2019, 7:52 AM IST
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম বাদ পৰা লোকসকলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিদেশ মন্ত্ৰণালয়ে। NRCত নাম বাদ পৰা লোকসকল ‘ৰাষ্ট্ৰবিহীন’ নহয় বুলি মন্তব্য কৰিছে মন্ত্ৰণালয়ে। বিদেশ মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে যে নাম বাদ পৰা সকলো লোকে আইনৰ অধীনত সকলো বিকল্প ব্যৱহাৰ কৰাপৰ্যন্ত পূৰ্বৰ দৰেই নিজৰ অধিকাৰসমূহ লাভ কৰিব।

বিদেশ মন্ত্ৰণালয়ে মন্তব্য কৰিছে যে NRCৰ পৰা বাহিৰ হোৱা অসমৰ কোনো লোকৰ অধিকাৰত কোনোধৰণৰ প্ৰভাৱ নপৰে। পূৰ্বে লাভ কৰা অধিকাৰৰ পৰা বঞ্চিত কৰা নহয় তেওঁলোকক।

উল্লেখযোগ্য যে শনিবাৰে প্ৰকাশ কৰা হৈছিল বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হোৱাৰ বাবে আবেদন কৰিছিল ৩,৩০,২৭,৬৬১জন লোকে। তাৰ ভিতৰত ৩,১১,২১,০০৪জন লোক নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিছিল ১৯,০৬,৬৫৭জন লোকৰ নাম।

বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে যিসকল লোকৰ নাম সম্পূৰ্ণ NRCত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকে আইনৰ অধীনত সকলো বিকল্প ব্যৱহাৰ কৰিব পাৰিব আৰু তেতিয়ালৈকে পূৰ্বৰ দৰেই সকলো অধিকাৰ লাভ কৰিব। NRCৰ পৰা বাহিৰ হোৱা লোকসকল ‘ৰাষ্ট্ৰবিহীন’ নহয়।

ৰবিশ কুমাৰে কয় যে NRCৰ পৰা বাহিৰ হোৱা লোকে অধিসূচনা লাভ কৰাৰ পিছত ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণত আবেদন কৰিব পাৰিব। সকলো আবেদনৰ বিচাৰ বিদেশী ন্যায়াধিকৰণে কৰিব। ইয়াৰ পিছতো নাম বাদ পৰিলে সেই লোকসকলে উচ্চ ন্যায়ালয় আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ অধিকাৰ থাকিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি