অসম-বংগ সীমান্তত শ্ৰীৰামপুৰ আৱকাৰী বিভাগৰ তালাচীত জব্দ ২ কোটি ৫১ লাখ ৪৬ হেজাৰ টকা মূল্যৰ বিদেশী সুৰা। বহিঃৰাজ্যৰ পৰা সুৰা কঢ়িওৱা কণ্টেইনাৰ ট্ৰাক জব্দ। নিৰ্বাচনৰ মাজতে ৰাজ্যত জব্দ হৈছে আঢ়ৈ কোটি টকাৰ বিলাতী সুৰা। অসম-বংগ সীমান্তত শ্ৰীৰামপুৰ আৱকাৰী বিভাগে জব্দ কৰিছে ২ কোটি ৫১ লাখ ৪৬ হেজাৰ টকা মূল্যৰ বিদেশী সুৰা। এই বৃহৎ পৰিমাণৰ সুৰা অনা হৈছিল এখন টেইলাৰত। আৱকাৰী বিভাগে টেইলাৰখনো জব্দ কৰিছে।
UP-16-GT-3525 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনৰ পৰা বিদেশী সুৰা ভৰ্তি ৫০৮টা কাৰ্টন জব্দ কৰে আৱকাৰী বিভাগে। ১৬ প্ৰকাৰৰ বিভিন্ন নামী-দামী ব্ৰেণ্ডৰ সুৰা আছিল ট্ৰাকখনত।
উদ্ধাৰ হয় ৷ ৰেড লেবেল, ব্লাক লেবেল, ব্লু লেবেল, গ্লান ফিডিক, জেকবছ ক্ৰিক, ভেলেনটাইনছ, জেক কাৰ্ণিয়েলচ আদি কৰি ষোল্ল প্ৰকাৰৰ বিদেশী সুৰা জব্দ কৰা হয়। ট্ৰাকখনৰ চালকে বিদেশী সুৰা খিনিৰ কোনো বৈধ নথি দিবলৈ সক্ষম নোহোৱাত সুৰা আৰু ট্ৰাকখন আৱকাৰী বিভাগে জব্দ কৰি গোসাঁইগাওঁস্থিত কাৰ্য্যলয়লৈ লৈ আনে ৷
ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ ফাৰুকাবাদ জিলাৰ তথা টেইলাৰখনৰ চালক শিৱম কুমাৰ আৰু সহচালক মনোজ সিঙক আটক কৰিছে আৱকাৰী বিভাগে ৷
Published by: Manjumoni Borah
First published: March 30, 2021, 23:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|