• Home
  • »
  • News
  • »
  • assam
  • »
  • মিজোৰামৰ আক্ৰমণৰ আঁৰত বহিঃৰাষ্ট্ৰৰ শক্তি জড়িত নেকি? চীনলৈ সন্দেহৰ আঙুলি বনমন্ত্ৰী পৰিমলৰ

মিজোৰামৰ আক্ৰমণৰ আঁৰত বহিঃৰাষ্ট্ৰৰ শক্তি জড়িত নেকি? চীনলৈ সন্দেহৰ আঙুলি বনমন্ত্ৰী পৰিমলৰ

বাহিৰৰ শক্তিয়ে প্ৰৰোচিত কৰাৰ সন্দেহ BPF বিধায়ক দুৰ্গা দাস বড়োৰ, চীনলৈ সন্দেহৰ আঙুলি বনমন্ত্ৰী পৰিমলৰ।

বাহিৰৰ শক্তিয়ে প্ৰৰোচিত কৰাৰ সন্দেহ BPF বিধায়ক দুৰ্গা দাস বড়োৰ, চীনলৈ সন্দেহৰ আঙুলি বনমন্ত্ৰী পৰিমলৰ।

বাহিৰৰ শক্তিয়ে প্ৰৰোচিত কৰাৰ সন্দেহ BPF বিধায়ক দুৰ্গা দাস বড়োৰ, চীনলৈ সন্দেহৰ আঙুলি বনমন্ত্ৰী পৰিমলৰ।

  • Share this:
অকল্পনীয় কিন্তু অতি ভয়ংকৰ ভাৱে সোমবাৰে অসম আৰক্ষী আৰু অসমৰ সীমান্তৱৰ্তী সাধাৰণ ৰাইজৰ ওপৰত লাইলাপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তই কৰা আক্ৰমণৰ আঁৰত বহিঃৰাষ্ট্ৰৰ কোনো শক্তি জড়িত আছে নেকি? এই প্ৰশ্নৰ অৱতাৰণা কৰিলে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ বনমন্ত্ৰীৰ লগতে BPFৰ বিধায়ক দুৰ্গা দাস বড়োয়েও বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলি মঙলবাৰে দাবী কৰে ৷

সোমবাৰে চলিল অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা ৷ মিজো আৰক্ষী আৰু দুৰ্বৃত্তই পূৰ্ব পৰিকল্পনা ভিত্তিত কৰা ধাৰাষাৰ গুলীচালনাত নিহত হ'ল এজন সাধাৰণ লোকৰ সৈতে মুঠ ছয়জন অসম আৰক্ষীৰ বিষয়া-জোৱান ৷ মিজো আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত আহত হ'ল অৰ্ধশতাধিক আৰক্ষী তথা সাধাৰণ জনতা ৷

পিছে কিয় কৰিলে মিজো আৰক্ষীয়ে এই বৰ্বৰোচিত আক্ৰমণ? এই ঘটনাক পূৰ্ব পৰিকল্পিত বুলি দাবী কৰিছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ পৰিমল শুক্লবৈদ্যৰ দাবী- এই ঘটনাৰ আঁৰত আছে বাহিৰা শক্তি (Foreign Elements)ৰ প্ৰৰোচনা ৷ বহিঃৰাষ্ট্ৰ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চুবুৰীয়া চীন (China)লৈ সন্দেহৰ আঙুলি টোৱালে ৷

বিষয়টো অতি ভয়ংকৰ ৷ ভাৰতৰ আভ্যন্তৰীণ দিশত প্ৰকাৰন্তে হস্তক্ষেপ কৰি ভাৰতৰ আভ্যন্তৰত সংঘাতৰ সূচনা কৰাই চুবুৰীয়া ৰাষ্ট্ৰই ভাৰতক থৰকবৰক কৰাব বিচাৰিছে নেকি? এয়া অতি ভয়ংকৰ কথা ৷ বনমন্ত্ৰীৰ দৰে BPFৰ বিধায়ক দুৰ্গা দাস বড়োয়েও বাহিৰা শক্তি (External Force) জড়িত থাকিব পাৰে বুলি মঙলবাৰে সন্দেহ প্ৰকাশ কৰে ৷

ইপিনে অসমৰ ভূমি দখল কৰিবলৈ সদায় চেষ্টা অব্যাহত ৰখা মিজোৰামক কঠোৰ ভাষাৰে সমালোচনা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
Published by:Manjumoni Borah
First published: