• Home
  • »
  • News
  • »
  • assam
  • »
  • Foreign Cigarrette Seized : শ্ৰীৰামপুৰত জব্দ ৬০ লাখ টকাৰ লণ্ডন আৰু ভাৰ্জিনিয়াত তৈয়াৰী ২৪ কাৰ্টুন বিদেশী চিগাৰেট,

Foreign Cigarrette Seized : শ্ৰীৰামপুৰত জব্দ ৬০ লাখ টকাৰ লণ্ডন আৰু ভাৰ্জিনিয়াত তৈয়াৰী ২৪ কাৰ্টুন বিদেশী চিগাৰেট,

Foreign Cigarrette Seized : গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ আন এক বৃহৎ সফলতা, লণ্ডন আৰু ভাৰ্জিনিয়াত তৈয়াৰী ২৪ কাৰ্টুন বিদেশী চিগাৰেট জব্দ

Foreign Cigarrette Seized : গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ আন এক বৃহৎ সফলতা, লণ্ডন আৰু ভাৰ্জিনিয়াত তৈয়াৰী ২৪ কাৰ্টুন বিদেশী চিগাৰেট জব্দ

Foreign Cigarrette Seized : গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ আন এক বৃহৎ সফলতা, লণ্ডন আৰু ভাৰ্জিনিয়াত তৈয়াৰী ২৪ কাৰ্টুন বিদেশী চিগাৰেট জব্দ

  • Share this:
নিত্য নতুন কৌশল অৱলম্বন কৰি অবৈধ নিচা জাতিয় বস্তু সৰবৰাহ কৰা ড্ৰাগছ মাফিয়াই নিচা জাতীয় দ্ৰব্য ৰাজ্যৰ মাজেৰে সৰবৰাহ অব্যাহত ৰাখিছে। বহিঃৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথক কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে অবৈধ মাদক দ্ৰব্য সৰবৰাহকাৰীসকলে।নতুন বছৰৰ আৰম্ভণিতে গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে শ্ৰীৰামপুৰত লণ্ডন আৰু ভাৰ্জিনিয়াত তৈয়াৰী ২৪ কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে দুজনক আটক কৰে।

কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত নিশা আৰক্ষীৰ অভিযানত ২৪ পেকেট চিগাৰেট সহ WB-03-D-0972 নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে ৷ প্ৰাপ্ত বাতৰি মতে শিমুলটাপু আৰক্ষী চকী আৰু চিআৰপিএফৰ ১২৯ নং বাহিনীৰ  সহযোগত শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ সময়ত এখন ছয়চকীয়া ট্ৰাকৰ পৰা লণ্ডন আৰু ভাৰজিনীয়াত তৈয়াৰী ২৪ পেকেট চিগাৰেট  উদ্ধাৰ হয়।

উদ্ধাৰকৰা ২৪ পেকেট ছিগাৰেটৰ বজাৰ মূল্য ৬০ লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। আৰক্ষীয়ে  ট্ৰাকখনৰ চালক কলকাতাৰ মিৰ ছাৰফাৰাজ আৰু হেণ্ডিমেন উত্তৰ প্ৰদেশৰ সাজি ইকবালক আটক কৰিছে। জব্দকৃত ছিগাৰেট  সমূহ গুৱাহাটীৰ পৰা বংগলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

উল্লেখ্য যে প্ৰশাসন বা আৰক্ষী বিভাগে মাদক দ্ৰব্য সৰবৰাহৰ ৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে যদিও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহৰ। সময়ে সময়ে আন্ত:ৰাজ্যিক সীমান্তবৰ্তী অঞ্চলত মাদক দ্ৰব্য জব্দ হৈ আছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি