লিংকত আছিল ফাঁচীবজাৰৰ কেইবাখনো দোকানো।
লিংকত আছিল ফাঁচীবজাৰৰ কেইবাখনো দোকানো।
মহানগৰীত উদ্ধাৰ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট। আজি বিয়লি কামাখ্যা ৰে'ল ষ্টেচনত উদ্ধাৰ কৰা হয় ৯৬ কাৰ্টন বিদেশী চিগাৰেট।
কামাখ্যা ৰে'লৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিবুংক্ষা দৈমাৰীৰ নেতৃত্বত চলা অভিযানত দুজন যুৱকৰ পৰা উদ্ধাৰ কৰা হয় চিগাৰেটখিনি (Foreign Cigarettes in Guwahati)।
আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দুই যুৱকক। আটকাধীন যুৱক দুজন ক্ৰমে পশ্চিমবংগৰ ৰাজা আৰু চন্দন বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যুৱকদ্বয়ে দিয়া স্বীকাৰোক্তি মতে, তেওঁলোকে বিদেশী চিগাৰেটখিনি পশ্চিমবংগলৈ বিক্ৰীৰ বাবে নি থকা অৱস্থাত ধৰা পৰে।
ইফালে যুৱক দুজনে দিয়া চাঞ্চল্যকৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰে'লৱে আৰক্ষীৰ এটা দলে ফাচীবজাৰৰ কেইবাখনো দোকানত অভিযান চলায়। এই অভি়যানতো দলটোৱে বহু পৰিমাণৰ চিগাৰেট জব্দ কৰে আৰু আন চাৰিজন লোকক আটক কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|