உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰিলে ১০ লাখ টকাৰ বিদেশী চিগাৰেট, দুজনক আটক

    হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰিলে ১০ লাখ টকাৰ বিদেশী চিগাৰেট, দুজনক আটক

    প্ৰতিদিনে বৰাক উপত্যকা হৈ মিজোৰামৰ পৰা সৰবৰাহ কৰা হয় বিভিন্ন অবৈধ সামগ্ৰী।

    প্ৰতিদিনে বৰাক উপত্যকা হৈ মিজোৰামৰ পৰা সৰবৰাহ কৰা হয় বিভিন্ন অবৈধ সামগ্ৰী।

    প্ৰতিদিনে বৰাক উপত্যকা হৈ মিজোৰামৰ পৰা সৰবৰাহ কৰা হয় বিভিন্ন অবৈধ সামগ্ৰী।

    • Share this:
    হাইলাকান্দিত জব্দ ১০ লাখ টকা মূল্যৰ বিদেশীচিগাৰেট। পুৱা লালা আৰক্ষীয়ে মিজোৰামৰ পৰা শ্বিলং অভিমুখে যোৱা এখন ডিআইৰ পৰা জব্দ কৰে চিগাৰেটখিনি। জব্দ কৰা হৈছে ১৯৮৫ পেকেট চিগাৰেট। ইয়াৰ ভিতৰত আছে কোৰিয়ান আৰু আমেৰিকাত নিৰ্মিত চিগাৰেট।

    প্ৰতিদিনে বৰাক উপত্যকা হৈ মিজোৰামৰ পৰা সৰবৰাহ কৰা হয় বিভিন্ন অবৈধ সামগ্ৰী। আজি পুৱা হাইলাকান্দি জিল‍াৰ ল‍‍াল‍া আৰক্ষীয়ে চলোৱ‍‍া এক অভিযানত জব্দ কৰে প্ৰ‍ায় ১০ লাখ টক‍া মূল্যৰ বিদেশী চিগাৰেট। মিজোৰামৰ পৰা হাইলাকান্দি হৈ শ্বিলং যোৱাৰ পথতে লালা আৰক্ষীয়ে MZ 01V 2018 নম্বৰৰ এটা টাটা ডিআই ট্ৰাকৰ পৰ‍‍া জব্দ কৰে মুঠ ১৯৮৫ কাৰ্টন বিদেশী চিগাৰেট।

    আৰক্ষীয়ে আটক কৰিছে আৰনিয়‍া মাণিক আৰু এল আৰ কাইপান নামৰ দুই ব্যক্তিক। এওঁলোক দুজন ত্ৰিপুৰাৰ নাগৰিক। বৰ্তমান লালা আৰক্ষীয়ে দুয়োজনক সোধা-পোছা অব্য‍াহত ৰাখিছে।
    Published by:Sanjay Kumar Das
    First published: