• Home
  • »
  • News
  • »
  • assam
  • »
  • বহিঃৰাজ্যলৈ নি নাজিৰাৰ যুৱকৰ বলপূৰ্বক লিংগ পৰিৱৰ্তন, ৰাজ্যত ভুৱা কিন্নৰ চক্ৰৰ দৌৰাত্ম্য

বহিঃৰাজ্যলৈ নি নাজিৰাৰ যুৱকৰ বলপূৰ্বক লিংগ পৰিৱৰ্তন, ৰাজ্যত ভুৱা কিন্নৰ চক্ৰৰ দৌৰাত্ম্য

 লিংগ পৰিৱৰ্তন কৰি তেওঁক ধন সংগ্ৰহত নামিবলৈ বাধ্য কৰে চক্ৰটোৱে।

লিংগ পৰিৱৰ্তন কৰি তেওঁক ধন সংগ্ৰহত নামিবলৈ বাধ্য কৰে চক্ৰটোৱে।

লিংগ পৰিৱৰ্তন কৰি তেওঁক ধন সংগ্ৰহত নামিবলৈ বাধ্য কৰে চক্ৰটোৱে।

  • Share this:

ৰাজ্যত কিডনীৰ দালাল চক্ৰৰ দৌৰাত্ম্য পোহৰলৈ অহাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ পোহৰলৈ আহিছে বলপূৰ্বক লিংগ সলনি কৰোৱাৰ চক্ৰক লৈ চাঞ্চল্যকৰ তথ্য। নাজিৰাৰ এজন যুৱক বলি হৈছে এই দুষ্ট চক্ৰৰ।


বিভিন্ন প্ৰলোভনেৰে এজন যুৱকৰ গোপনে লিংগ পৰিৱৰ্তনৰ দৰে জঘন্য ঘটনা পোহৰলৈ আহিছে নাজিৰাত৷ নাজিৰাৰ ন-মাতিৰ মাইনা গগৈৰ নামৰ যুৱকজনক শিৱসাগৰৰ এটা চক্ৰই বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি গোপনে লিংগ সলনি কৰাৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে  মাইনা গগৈয়ে সমগ্ৰ ঘটনা উল্লেখ কৰি ন্যায় বিচাৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷


মাইনা গগৈয়ে উল্লেখ কৰা মতে তেওঁৰ দৰে আন বহুকেইজন যুৱক এই চক্ৰৰ বলি হৈছে ৷  ২০২০ চনৰ ডিচেম্বৰ মাহতে শিৱসাগৰ পশ্চিম যমুনা ৰোডৰ পাপৰি, লাকী, ৰিংকী আৰু মীনা নামৰ চাৰি ভুৱা তৃতীয় লিংগৰ লোকে মাইনাক কাম দিয়াৰ প্ৰতিশ্ৰুতিৰে লৈ গৈছিল।অসমৰ পৰা গৈ প্ৰথম উত্তৰ প্ৰদেশত কিছুদিন থকাৰ পিছত দিল্লীলৈ লৈ যায় মাইনাক৷


কিন্তু  অসুস্থতাৰ সুযোগ লৈ এদিন মাইনা গগৈক অজ্ঞান কৰে সেই চক্ৰটোৱে । তিনি দিনৰ পাছত সম্বিত  ঘূৰাই পাই মাইনাই জানিব পাৰে যে তেওঁ চিকিৎসালয়ত আছে আৰু তেওঁৰ লিংগ সলনি কৰোৱা হৈছে । লিংগ পৰিৱৰ্তন কৰি মাইনা গগৈক ধন সংগ্ৰহত নামিবলৈ বাধ্য কৰে চক্ৰটোৱে।


কিছুদিন পূৰ্বে সেই জঘন্য কাৰ্যৰ দালাল চক্ৰটোৰ পৰা পলাই আহি নাজিৰাৰ স্বগৃহত উপস্থিত হয়হি মাইনা গগৈ। অসমৰ আন বহুতো যুৱকক সেই চক্ৰটোৱে দিল্লীত নি লিংগ পৰিৱৰ্তন ঘটোৱা স্বচক্ষে দেখা বুলি সদৰী কৰে তেওঁ। মাইনা গগৈয়ে জনোৱা মতে,  ভুৱা কিন্নৰেৰে ভৰি পৰিছে অসম৷ এইসকলক যাতে কোনেও বিশ্বাস নকৰে৷ চৰকাৰেও যাতে এইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে৷


বলপূৰ্বক লিংগ পৰিৱৰ্তন চক্ৰৰ সৈতে জড়িত এইসকল ভুৱা কিন্নৰৰ ওপৰত মাইনা গগৈয়ে অনা এই অভিযোগ কিমান সঁচা আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব৷

Published by:Gautam Barman
First published: