জুবিন গাৰ্গক এতিয়া জিৰণিৰ প্ৰয়োজন, জুবিনক এতিয়া জিৰণি ল’বলৈ দিয়ক, অনুৰোধ পত্নী আৰু বন্ধুৰ

News18 Assam | News18-Assam
Updated:February 29, 2020, 3:24 PM IST
জুবিন গাৰ্গক এতিয়া জিৰণিৰ প্ৰয়োজন, জুবিনক এতিয়া জিৰণি ল’বলৈ দিয়ক, অনুৰোধ পত্নী আৰু বন্ধুৰ
বৰ্তমান জুবিন গাৰ্গ প্ৰায় সুস্থ বুলি জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে

বৰ্তমান জুবিন গাৰ্গ প্ৰায় সুস্থ বুলি জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে

  • Share this:
বৰ্তমান নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ পাই পুৱাৰ পৰাই চিকিৎসালয়খনত ভিৰ কৰিছে অনুৰাগীয়ে। বৰ্তমান জুবিন গাৰ্গ প্ৰায় সুস্থ বুলি জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে।

গৰিমা শইকীয়া গাৰ্গে কয় যে, ‘জুবিন গাৰ্গক এতিয়া দিঘলীয়া জিৰণিৰ প্ৰয়োজন। জুবিনক জিৰণি ল’বলৈ দিয়ক। তেতিয়াহে সম্পূৰ্ণ সুস্থ হৈ উঠিব জুবিন গাৰ্গ। ইতিমধ্যে অহা ৰিপৰ্টত সকলো আছে স্বাভাবিক।

জুবিন গাৰ্গলৈ ব্যক্তিগত ভাবে ফোন মেছেজ নকৰিবলৈ আহ্বান জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়াই জানিবলৈ দিয়া মতে, জুবিন গাৰ্গ  এতিয়া  শুইছে, লগ কৰিবলৈ গৈ থাকিলে অসুবিধা পাব পাৰ। গতিকে জুবিন গাৰ্গক জিৰণি ল’বলৈ দিব লাগে বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে।

পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাইয়ো জুবিন গাৰ্গক দিঘলীয়াকৈ জিৰণি ল’বলৈ আহ্বান জনাইছে।

এতিয়া ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ।  খোজ কাঢ়িছে জুবিন গাৰ্গে। ৰুটি খাইছে। দুপৰীয়া ভাত খোৱাৰ কথাও কৈছে জুবিন গাৰ্গে।

আৰু চাওক
পৰৱৰ্তী বাতৰি