প্ৰেয়সীৰ সৈতে ‘দ্বিতীয় বিবাহ’ অসমৰ তাৰকা ফুটবলাৰ দুৰ্গা বড়োৰ 

News18 Assam | News18-Assam
Updated:January 24, 2020, 3:31 PM IST
প্ৰেয়সীৰ সৈতে ‘দ্বিতীয় বিবাহ’ অসমৰ তাৰকা ফুটবলাৰ দুৰ্গা বড়োৰ 
বৃহস্পতিবাৰে বড়ো ৰীতি–নীতিৰ মাজেৰে বিবাহ সম্পন্ন কৰিব তাৰকা ফুটবলাৰজনে

বৃহস্পতিবাৰে বড়ো ৰীতি–নীতিৰ মাজেৰে বিবাহ সম্পন্ন কৰিব তাৰকা ফুটবলাৰজনে

  • Share this:
নৱবিবাহিতা পত্নীৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হ’ব তাৰকা ফুটবলাৰ দুৰ্গা বড়ো। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত প্ৰথমে চকলং প্ৰথাৰে বিবাহ কৰোৱাৰ পিছত অহা ৩০ জানুৱাৰীত বড়ো ৰীতি–নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰিব দুৰ্গাই।

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বুধবাৰে প্ৰেমিকাৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ল আই এছ এলৰ জনপ্ৰিয় ফুটবলাৰ দুর্গা বড়ো।  নামৰূপৰ দলংগাঁৱৰ জীয়ৰী মৃণালিনী চলিহাৰ সৈতে বুধবাৰে চকলং প্ৰথাৰে সম্পন্ন হ’ল বিবাহ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰ দুর্গাই চকলং প্ৰথা মতে মৃণালিনীৰ সৈতে বিবাহ কাৰ্য সম্পন্ন কৰাৰ পিছত ৩০ জানুৱাৰীত বড়ো ৰীতি–নীতি অনুযায়ী বিবাহ কাৰ্য সম্পন্ন কৰিব। তাৰ এদিন পিছতেই ৩১ জানুৱাৰীত কোকৰাঝাৰৰ গেন্দ্ৰাবিলৰ বাসগৃহত বিবাহ অভ্যৰ্থনা অনুষ্ঠিত কৰিব তাৰকা ফুটবলাৰ দুর্গা বড়োৱে। ছোৱালী ঘৰৰ বিবাহৰ সময়ত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ফুটবলাৰে সংগ দিছিল দৰা দুৰ্গা বড়োক।
আৰু চাওক
পৰৱৰ্তী বাতৰি