ধোঁৱাচাঙত উঠিল কোভিড প্ৰটকল। হাইলাকান্দিত বিধায়কে আয়োজন কৰিলে বিশাল ফুটবল প্ৰতিযোগfতাৰ। কোভিড SOPক বুঢ়া আঙুলি দেখুৱাই ফুটবল খেল চাবলৈ উপস্থিত হাজাৰ হাজাৰ দৰ্শক। নিৰ্বিকাৰ আৰক্ষী, নিশ্চুপ হাইলাকান্দি জিলা প্ৰশাসন।
কোভিড মহামাৰীক ৰুধিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি–নিৰ্দেশনা। বৰ্তমানে ৰাজ্যত কোভিডৰ বাবে দিয়া সান্ধ্য আইনৰ সময়সীমা কিছুমান হ্ৰাস হলেও ধাৰ্মিক, সামাজিক অনুষ্ঠান তথা সভা সমিতি আয়োজনত বান্ধি দিয়া হৈছে কিছু বিশেষ নীতি–নিয়ম। স্বল্পসংখ্যকৰ উপস্থিতিত সভা–সমিতিৰ আয়োজনৰ অনুমতি দিলেও বন্ধ আছে খেল–ধেমালিৰ সকলো আয়োজন।
কিন্তু ৰাজ্য চৰকাৰৰ এই নীতি–নিৰ্দেশনাক ভৰিৰে মোহাৰি ফুটবল টুৰ্ণামেণ্টৰ আয়োজন হ’ল আলগাপুৰ সমষ্টিৰ পাচঁগ্ৰাম অঞ্চলত। ইমানে নহয়, এই টুৰ্ণামেণ্টৰ মুখ্য উদ্যোক্তা আকৌ এই অঞ্চলৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী। তেওঁৰ নাম অনুসৰি "হাজি নিজাম উদ্দিন ট্ৰফী" বুলি আয়োজিত হৈছে এই প্ৰতিযোগিতাখন।
পাচঁগ্ৰামৰ ইনটাক গ্ৰাউণ্ডত আয়োজন কৰা এই টুৰ্ণামেণ্টত অংশ লৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈ আলফ্ৰেড লালৰুতসাঙকে ধৰি বহু নামী–দামী ফুটবলাৰে। পাচঁগ্ৰাম আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত আয়োজিত এই প্ৰতিযোগিতাৰ প্ৰতিখন মেচ চাবলৈ মাস্ক অবিহনে উপস্থিত হয় ১০ হাজাৰৰো অধিক দৰ্শক। বিধায়ক নিজাম উদ্দিন নিজেও উপস্থিত থাকে প্ৰায়বোৰ প্ৰতিযোগিতা চাবলৈ। কিন্তু ইমানৰ পিছতো এই বিষয়ত ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰিছে হাইলাকান্দি আৰক্ষী তথা জিলা প্ৰশাসনে।