বৰপেটাৰ হোলী বুলিলে এক সুকীয়া পৰিচয়, অনন্য মাদকতা (Barpeta Holi)। এক কথাত ক’বলৈ গ’লে হোলী বৰপেটাৰ প্ৰাণ। হোলী আহিলেই মনবোৰ ৰঙীন হৈ পৰে বৰপেটাবাসীৰ। বৰপেটা সত্ৰৰ ফল্গুৎসৱলৈ আগমন ঘটে সমগ্ৰ ৰাজ্যৰ বহু লোকৰ। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰে বৰপেটাৰ আকাশ। হোলী গীতৰ ছন্দত গুঞ্জৰিত হয় বৰপেটাৰ চৌদিশ।
কিন্তু বৰপেটাৰ হোলীৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে ইয়াত উপলব্ধ খাদ্য সম্ভাৰ। হোলীৰ সময়ত বৰপেটা সত্ৰৰ সমীপত অস্থায়ীভাৱে স্থাপন কৰা দোকানসমূহত পোৱা যায় বিভিন্নধৰণৰ সুস্বাদু খাদ্য। সোৱাদতকৈও এই খাদ্য সামগ্ৰীসমূহৰ নামে মানুহক অধিক আকৰ্ষণ কৰে (Holi 2023)।
প্ৰতি বছৰৰ দৰে এইবাৰো বৰপেটাত দেখা গ’ল তেনে দৃশ্য। ৰঙা ডিমা–আলু ভাজিৰ উপৰি এইবাৰ বৰপেটাৰ হোলীত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে পে পে পে আলু, পতলী কমৰীয়া আলু আৰু ভাল পাই পেলালো অ’ আলুৱে। লগতে আছে জানমণি ডিমা।
আচলতে, ছচিয়েল মিডিয়াত চৰ্চিত কেতবোৰ বিষয়ক কেন্দ্ৰ কৰি এই খাদ্য সম্ভাৰৰ নাম ৰাখি গ্ৰাহকক আকৰ্ষণ কৰে ব্যৱসায়ীসকলে। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথৰ এটা ভিডিঅ’। যিটো ভিডিঅ’ত নাগাৰা নামৰ মাজত বেণ্ড পাৰ্টীৰ এটা সুৰ দিছিল কৰিশ্মাই। পেঁপাৰ সুৰটো মুখেৰে উপস্থাপন কৰিছিল কৰিশ্মাই। তাকে লৈ এইবাৰ বৰপেটাৰ হোলীত উপলব্ধ হ’ল ‘পে পে পে আলু’।
আনহাতে, ‘পতলী কমৰীয়া’ গীতটো শেহতীয়াকৈ খুব জনপ্ৰিয় হৈছিল। বহু লোকে এই গীতটোত ভিডিঅ’–ৰিল আদি বনাইছিল। আনহাতে, ‘ভাল পাই পেলালো অ’’ৰ কাহিনী বেলেগ। যিসকল ছচিয়েল মিডিয়াত সক্ৰিয় থাকে তেওঁলোকে এই ঘটনা জানে। মুঠৰ ওপৰত ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ থকা কেতবোৰ বিষয়ক লৈ ৰখা হয় এই খাদ্য সম্ভাৰৰ নাম। যিয়ে দৰ্শকক আকৰ্ষণ কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 08, 2023, 11:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।