গণেশগুৰিৰ হোটেলত খাদ্য সুৰক্ষা বিভাগৰ অভিযান, তলা ওলমিল গামছ ডেলিকেচীত

গণেশগুৰিৰ অভিনন্দন হোটেল আৰু লখিমী হোটেলতো অভিযান চলায় খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে।

News18-Assam
Updated:August 13, 2019, 1:16 PM IST
গণেশগুৰিৰ হোটেলত খাদ্য সুৰক্ষা বিভাগৰ অভিযান, তলা ওলমিল গামছ ডেলিকেচীত
গণেশগুৰিৰ অভিনন্দন হোটেল আৰু লখিমী হোটেলতো অভিযান চলায় খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে।
News18-Assam
Updated: August 13, 2019, 1:16 PM IST
বিপুল বৰ্মন : মহানগৰীৰ গণেশগুৰিৰ হোটেল গামছ ডেলিকেচী সাত দিনৰ বাবে বন্ধ কৰি দিলে খাদ্য সুৰক্ষা বিভাগে। অস্বাস্থ্যকৰ পৰিৱেশ আৰু ম্যাদ উকলি যোৱা মছলা পোৱাৰ বাবে গামছ ডেলিকেচী হোটেলখন বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সাত দিনৰ বাবে বন্ধ কৰি দিলে খাদ্য সুৰক্ষা বিভাগে।

বিভাগটোৰ বিষয়াৰ এটা দলে মঙলবাৰে গণেশগুৰিৰ আন কেইবাখনো হোটেলত অভিযান চলায়। বিশেষকৈ লখিমী হোটেলৰ সমীপৰ অমৃতপুৰ পথৰ দাঁতিত চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে কেইবাখনো হোটেল চলি থকাৰ কথা পোহৰলৈ আহে। ইফালে, লেতেৰা পৰিৱেশত থকা হোটেলসমূহক পৰিষ্কাৰ–পৰিচ্ছন্নতা বজাই ৰাখিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে বিভাগটোৱে। গণেশগুৰিৰ অভিনন্দন হোটেল আৰু লখিমী হোটেলতো অভিযান চলায় খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি