• Home
  • »
  • News
  • »
  • assam
  • »
  • নাজিৰা গেলেকীত ভাদমহীয়া নাম–কীৰ্তনৰ মাহ–প্ৰসাদ খাই অসুস্থ অৰ্ধশতিকা লোক

নাজিৰা গেলেকীত ভাদমহীয়া নাম–কীৰ্তনৰ মাহ–প্ৰসাদ খাই অসুস্থ অৰ্ধশতিকা লোক

দেওবাৰে গেলেকীৰ ২নং লাহন গাঁৱৰ কমল গগৈৰ ঘৰত অনুস্থিত হৈছিল ভাদমহীয়া নাম কীৰ্তন।

দেওবাৰে গেলেকীৰ ২নং লাহন গাঁৱৰ কমল গগৈৰ ঘৰত অনুস্থিত হৈছিল ভাদমহীয়া নাম কীৰ্তন।

দেওবাৰে গেলেকীৰ ২নং লাহন গাঁৱৰ কমল গগৈৰ ঘৰত অনুস্থিত হৈছিল ভাদমহীয়া নাম কীৰ্তন।

  • Share this:
নাজিৰা গেলেকীৰ ২নং লাহন গাঁৱত মাহ প্ৰসাদ খাই অসুস্থ হৈছে অৰ্ধশতিকা লোক। মাহ-প্ৰসাদৰ বিষক্ৰিয়াৰ ফলতে গেলেকীৰ ২নং লাহন গাঁৱৰ ৫১গৰাকী লোক অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। কণ কণ শিশুৰ পৰা  বৃদ্ধলৈকে চিকিৎসাধীন হৈ আছে গেলেকী খণ্ড প্ৰাথমিক চিকিৎসালয়ত।

দেওবাৰে গেলেকীৰ ২নং লাহন গাঁৱৰ কমল গগৈৰ ঘৰত অনুস্থিত হৈছিল ভাদমহীয়া নাম কীৰ্তন। এই ভাদমহীয়া নাম–কীৰ্তনত বিতৰণ কৰা মাহ-প্ৰসাদ খাই বিষক্ৰিয়া হৈ ৫১গৰাকীকৈ লোক অসুস্থ হৈ পৰে৷ শৌচ, বমি, মূৰৰ বিষ, গাৰ বিষ আদিত আক্ৰান্ত হয় মাহ প্ৰসাদ খোৱা লোকসকল৷

নাজিৰাৰ গেলেকী চাৰিআলিৰ "নৰেশ জালান" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা মাহ-প্ৰসাদ ক্ৰয় কৰিছিল গেলেকী ২নং লাহন গাঁৱৰ কমল গগৈৰ পৰিয়ালে। ইতিমধ্যে নাজিৰাৰ গেলেকী আৰক্ষীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বুট–মগুৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে পৰীক্ষাগাৰলৈ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি