হাজোৰ বাগটাত বুটমাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু, অৰ্ধশতাধিক চিকিৎসাধীন

News18 Assam | News18-Assam
Updated:June 7, 2020, 8:56 AM IST
হাজোৰ বাগটাত বুটমাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু, অৰ্ধশতাধিক চিকিৎসাধীন
মৃতকৰ শ্ৰাদ্ধত বুটমাহ খাই পেটৰ বিষ, বমি, জ্বৰত আক্ৰান্ত।

মৃতকৰ শ্ৰাদ্ধত বুটমাহ খাই পেটৰ বিষ, বমি, জ্বৰত আক্ৰান্ত।

  • Share this:
হাজোৰ বাগটাত বুট মাহত বিষক্ৰিয়াৰ ঘটনা। এঘৰৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰসাদ খাই অসুস্থ হৈছে অৰ্ধশতাধিক অধিক লোক। আক্ৰান্ত লোক কেইজনক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত। এই বিষক্ৰিয়াত মৃত্যু হৈছে দ্বীপচন দাস নামৰ এজন যুৱকৰ। এতিয়াও বহু লোক পেটৰ বিষ, বমি, জৰত আক্রান্ত হৈ থকাত হাজো স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি থকা হৈছে। উল্লেখ্য যে, ৪ জুনত হাজোৰ বাগটাৰ শান্তিপুৰৰ মহিম দাস নামৰ মৃতকৰ আছিল মাহেকীয়া শ্ৰাদ্ধ অনুষ্ঠান। এই অনুষ্ঠানতেই বিতৰণ কৰা বুটমাহ খাই গুৰুতৰভাবে অসুস্থ হৈ পৰে লোকসকল। এই ঘটনাত শনিবাৰে সন্ধিয়া মৃত্যু হোৱা দীপচন দাস হৈছে মহিম দাসৰ নাতি।
First published: June 7, 2020, 8:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading