গাঁওখনৰে দ্বিজেন কলিতা নামৰ লোকজনৰ ঘৰত আয়োজন কৰা মাংগলিক অনুষ্ঠানত বুট-মাহ খাই অসুস্থ হৈ পৰে এই লোকসকল।
গাঁওখনৰে দ্বিজেন কলিতা নামৰ লোকজনৰ ঘৰত আয়োজন কৰা মাংগলিক অনুষ্ঠানত বুট-মাহ খাই অসুস্থ হৈ পৰে এই লোকসকল।
হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত তেতেলীয়া গাঁৱৰ বাউসী চুবুৰীত খাদ্যত বিষক্ৰিয়াত হৈ ২৫জনতকৈ অধিক লোক আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে। বাউসীৰ দ্বিজেন কলিতা নামৰ এজন লোকৰ ঘৰৰ অনুষ্ঠানত মাহ–প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হয় এই লোকসকল।
উল্লেখযোগ্য যে গাঁওখনৰে দ্বিজেন কলিতা নামৰ লোকজনৰ ঘৰত আয়োজন কৰা মাংগলিক অনুষ্ঠানত বুট-মাহ খাই অসুস্থ হৈ পৰে এই লোকসকল। আক্ৰান্ত হোৱা লোকসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ নিশা হাজো বিষ্ণুৰাম মেধি অসামৰিক চিকিৎসালয় আৰু শুৱালকুছিৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি চিকিৎসাধীন লোককেইজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে চিকিৎসকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|