• Home
  • »
  • News
  • »
  • assam
  • »
  • দুলীয়াজানৰ ভাদৈ পাঁচআলিত খাদ্যত বিষক্ৰিয়া হৈ ৩ গৰাকীকৈ লোকৰ মৃত্যু!

দুলীয়াজানৰ ভাদৈ পাঁচআলিত খাদ্যত বিষক্ৰিয়া হৈ ৩ গৰাকীকৈ লোকৰ মৃত্যু!

মৃত লোককেইজন সঞ্জয় পানিকা(৩৫), অতুলা পানিকা(২৭) আৰু দীপামণি বৰাইক বুলি জানিব পৰা গৈছে।

মৃত লোককেইজন সঞ্জয় পানিকা(৩৫), অতুলা পানিকা(২৭) আৰু দীপামণি বৰাইক বুলি জানিব পৰা গৈছে।

মৃত লোককেইজন সঞ্জয় পানিকা(৩৫), অতুলা পানিকা(২৭) আৰু দীপামণি বৰাইক বুলি জানিব পৰা গৈছে।

  • Share this:
দুলীয়াজানৰ ভাদৈ পাঁ‌চআলিত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত তথা ভাদৈ আৰক্ষী চকীৰ এলেকাধী ২নং চপাতলিৰ কল্যাণপুৰত এই ঘটনা সংঘটিত হয়। একেটা পৰিয়ালৰ তিনিজন লোক হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত টেঙাখাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয়। পিছত চিকিৎসকে তিনিওজনকে মৃত বুলি ঘোষণা কৰে। মৃত লোককেইজন সঞ্জয় পানিকা(৩৫), অতুলা পানিকা(২৭) আৰু দীপামণি বৰাইক বুলি জানিব পৰা গৈছে।

খাদ্যত বিষক্ৰিয়া হৈয়ে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে চিকিৎসকে। ইফালে, ঘৰৰ বাৰীত দুটা গেলনত চুলাই মদ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি