মুখ্যপৃষ্ঠা »খবৰ »অসম »কাতি বিহু উপলক্ষে খাইছিল আঠবিধ পাচলিৰ খাদ্য, বিষক্ৰিয়া ঘটি চিকিৎসাধীন ১০গৰাকী

কাতি বিহু উপলক্ষে খাইছিল আঠবিধ পাচলিৰ খাদ্য, বিষক্ৰিয়া ঘটি চিকিৎসাধীন ১০গৰাকী

অসমত বাঙালীসকলে কাতি বিহুৰ দিনা আঠবিধ পাচলি মিহলি কৰি খাদ্য খোৱাটো এটা ধৰ্মীয় পৰম্পৰা।

অসমত বাঙালীসকলে কাতি বিহুৰ দিনা আঠবিধ পাচলি মিহলি কৰি খাদ্য খোৱাটো এটা ধৰ্মীয় পৰম্পৰা।

  • Share this:

কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ অসুখত আক্ৰান্ত হ'ল ১০জনকৈ লোক। কৰিমগঞ্জত খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হয় দহজনৰো অধিক লোক। কাতি বিহু উপলক্ষে আঠবিধ পাচলিৰে ৰন্ধা খাদ্য খাই অসুস্থ হৈ পৰে লোকসকল।


অসুস্থ লোকসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত।ইয়াৰে দুজনৰ অৱস্থা শোচনীয় হোৱাৰ বাবে প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ।


উল্লেখ্য, অসমত বাঙালীসকলে কাতি বিহুৰ দিনা আঠবিধ পাচলি মিহলি কৰি খাদ্য খোৱাটো এটা ধৰ্মীয় পৰম্পৰা। ইয়াক তেওঁলোকে আট আনাজ (আঠবিধ পাচলিৰ চব্জি) বুলি কয়। সেই নিয়ম পালনৰ সময়তে এই ঘটনা সংঘটিত হৈছে।


জানিব পৰা মতে,  অসুস্থ হোৱা লোকসকলে চহৰৰ লক্ষীবজাৰ ৰোডৰ বজাৰৰ পৰা আঠবিধ পাচলিৰ পেকেট ক্ৰয় কৰিছিল। পাচলিৰ পেকেটত থকা বিষাক্ত কচু খোৱাৰ ফলতে  লোকসকল অসুস্থ হোৱা বুলি সন্দেহ কৰা হৈছে।

শেহতীয়া বাতৰি