বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / ১৬ ফুট দৈৰ্ঘ্যৰ বাঁহী লৈ বিহুৰ বাবে সাজু দ্বিজেন গগৈ

১৬ ফুট দৈৰ্ঘ্যৰ বাঁহী লৈ বিহুৰ বাবে সাজু দ্বিজেন গগৈ

Folk artist Dwijen Gogoi

Folk artist Dwijen Gogoi

১৬ ফুট দৈৰ্ঘ্যৰ বাঁহী, ১৪ ফুট দীঘল পেঁপা লৈ সাজু লোকশিল্পী দ্বিজেন গগৈ। শিপা ধৰি ৰখাৰ অনন্য প্ৰয়াস ৷ প্ৰায় তিনিটা দশক ধৰি এইগৰাকী লোকবাদ্য নিৰ্মাতা শিল্পীয়ে থলুৱা পৰম্পৰাগত বিহুৰ লোকবাদ্য সমূহ নৱ প্ৰজন্মক চিনাকি কৰাই আহিছে ৷

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

প্ৰদীপ গগৈ, শিৱসাগৰ : অসমীয়া গাঁও-চহৰ সকলো এতিয়া ঢোল-পেঁপাৰ মাতেৰে মুখৰিত হৈ পৰিছে। সাজু হৈছে বিহুৱা-বিহুৱতী, শিল্পীসকল। পিছ পৰি ৰোৱা নাই শিৱসাগৰ দৰিকাপাৰৰ এগৰাকী লোকশিল্পী। হেঁপাহৰ ৰঙালী বিহুলৈ আৰু মাত্ৰ এটা দিন বাকী। আজি ব’হাগ বিহুৰ উৰুকা। কাইলৈ গৰু বিহু। মানুহৰ বিহুলৈ এদিন বাকী থকা অৱস্থাত বিহু মঞ্চত চমক সৃষ্টি কৰিবলৈ সাজু হৈছে বিশিষ্ট লোকশিল্পী দ্বিজেন গগৈ।

বিজ্ঞাপন

শিৱসাগৰ নিমাইজানৰ নিৱাসী দ্বিজেন গগৈয়ে বিহুৰ অবিচ্ছেদ্য অংগ “পঞ্চ বাদ্য” ক্ৰমে ঢোল, পেঁপা, গগনা, বাঁহী, তালৰ উপৰি টকা, সুতুলী আদি নিৰ্মাণ কৰি বিভিন্ন প্ৰান্তৰ বিহুৱা-বিহুৱতীসকললৈ যোগান ধৰাৰ লগতে নিজেই পৰিৱেশনৰ বাবেও সাজু হৈছে । শিল্পী দ্বিজেন গগৈ আৰু তেওঁৰ সহযোগীসকলে এইবাৰো ৰঙালী বিহুত কেইবাখনো বিহু সন্মিলনৰ মঞ্চত পৰিৱেশন কৰিব লোকবাদ্য।

ইয়াৰ বাবে দ্বিজেন গগৈয়ে একেলগে সাতগৰাকী বাঁহী বাদকে বজাব পৰাকৈ ১৬ ফুট দৈৰ্ঘ্যৰ বাঁহী, ১৪ ফুট দৈৰ্ঘ্যৰ পেঁপা লৈ সাজু হৈছে । উল্লেখ্য যে প্ৰচাৰৰ পৰা সদায় আঁতৰত থকা অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া দ্বিজেন গগৈয়ে সুদীৰ্ঘ বছৰ ধৰি লোকবাদ্য সৃষ্টিত নিজকে নিমগ্ন ৰাখিছে ৷ প্ৰায় তিনিটা দশক ধৰি এইগৰাকী লোকবাদ্য নিৰ্মাতা শিল্পীয়ে থলুৱা পৰম্পৰাগত বিহুৰ লোকবাদ্যসমূহ নৱপ্ৰজন্মক চিনাকি কৰাই আহিছে ৷ ক্ৰমাৎ সময়ৰ সোঁতত হেৰাই যাব ধৰা অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ থলুৱা বাদ্যক শিপাৰ সৈতে সংপৃক্ত কৰি ধৰি ৰখাৰ চেষ্টাত ব্ৰতী হৈ আছে শিল্পী দ্বিজেন গগৈ।

কেৱল ধন ঘটাৰ মাধ্যম তথা পেছাৰ পৰিৱৰ্তে সঁচা অৰ্থত এক জাতীয় স্বাৰ্থ সন্মুখত ৰাখি ইটোৰ পিছত সিটো লোকবাদ্য সম্পুৰ্ণ থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰাৰ লগতে নিজেই প্ৰায়বিলাক লোক বাদ্যই বজাই আহিছে। কেৱল ইমানেই নহয়, দ্বিজেন গগৈয়ে শিৱসাগৰ দৰিকাপাৰৰ বাসগৃহত নিজেই নিৰ্মাণ কৰা ১৫০ৰো অধিক লোকবাদ্য সংৰক্ষণ কৰি ৰাখিছে৷ শিল্পী দ্বিজেন গগৈৰ বাসগৃহত আছে ৰঙালী বিহুৰ বাবে প্ৰয়োজন হোৱা পঞ্চবাদ্যৰ উপৰি টোকাৰী, নেগেৰা , মৃদং, দবাকে ধৰি বিভিন্ন জনগোষ্ঠীয় লোকসকলে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা লোকবাদ্য ৷

বিজ্ঞাপন

ইয়াৰোপৰি এইগৰাকী নীৰৱ লোকবাদ্য শিল্পী দ্বিজেন গগৈৰ বাসগৃহত শিল্পী গৰাকীয়ে থলুৱা বাদ্য সমূহ বনোৱাৰ বাবে এটা আটক ধুনীয়া থলুৱা কাৰখানা সদৃৰ্শ বিপণীও নিৰ্মাণ কৰি লৈছে ৷ “সুৰ সমলয় কলা সংস্থান” নামৰ বিপণীখনত দ্বিজেন গগৈয়ে নিজ হাতে তৈয়াৰ কৰা লোকবাদ্যসমূহ বিক্ৰী কৰাৰ লগতে যুৱ প্ৰজন্মক প্ৰশিক্ষণ দি আহিছে।

উল্লেখ্য যে সমগ্ৰ ৰাজ্যজুৰি বিশেষভাৱে চৰ্চিত শিল্পী দ্বিজেন গগৈৰ সৃষ্টিত প্ৰাণ পাই উঠা লোকবাদ্যৰ নিৰ্মাণ শৈলী স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে দেশী-বিদেশী পৰ্যটকৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰয়ো ভিৰ কৰাটো গৌৰৱৰ বিষয়।

বিজ্ঞাপন

ইপিনে দ্বিজেন গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শতাধিক লোক বাদ্যৰেই কাজিৰঙাৰ অৰ্কিড উদ্যানত শেহতীয়াকৈ স্থাপন কৰা লোকবাদ্যৰ সংগ্ৰহালয়টোৰ শোভা বৰ্ধন কৰা হৈছে । এইগৰাকী লোকশিল্পী আৰু তেওঁৰ সংগীসকলো বৰ্তমান ন-উদ্যমেৰে সাজু হৈছে অসমীয়াৰ আয়ুসৰেখা স্বৰূপ ব’হাগ বিহুলৈ ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: Bihu , Flute , Sivasagar
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন